/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-05/ukrb5xt1/1660d0ab-896c-4702-af57-d755c246cc46.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ স্ত্ৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত বেবেজীয়া ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়লত দুদিনীয়া কাৰ্যসূচীৰে নৱাগত আদৰণী আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। এই উপলক্ষে বিদ্যালয় প্ৰাংগনত উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ মাজতে পুৱা ৮.৩০ বজাত পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ অধ্যক্ষ উপেন বৰাই ।
৯-০০ বজাত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । জাতি-জনগোষ্ঠীৰ বিভিন্ন কৃষ্টি-সংস্কৃতিৰ লগতে, অসমীয়া সমাজ ব্যৱস্থাক প্ৰতিফলন ঘটা নান্দনিক শোভাযাত্ৰা উদ্বোধন কৰি বিধায়ক শৰ্মাই কয় যে , মহাপুৰুষজনাৰ আদৰ্শৰে অসমীয়া জাতিয়ে ঐক্যতা বৰ্তাই আগবাঢ়ি যাব লাগিব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-05/salmf725/b0d3e7b6-650e-439d-bf46-d52f1d633840.jpg)
তেওঁ লগতে কয় যে শিক্ষাৰ লগতে বিদ্যালয়খনৰ সাংস্কৃতিক পৰিবেশ জিলাখনৰ ভিতৰতে উল্লেখযোগ্য । লগতে তেওঁ আশ্বাস দিয়ে যে বিদ্যালয়খনৰ উন্নয়নৰ বাবে বিধায়কগৰাকী সদায় সহযোগিতা আগবঢ়াব।
বৰ্ণাঢ্যভাৱে বাহিৰ কৰা সাংস্কৃতিক শোভাযাত্ৰাটিৰ বাৰেৰহণীয়া সংস্কৃতিয়ে সমগ্ৰ বেবেজীয়া অঞ্চলটি মুখৰ কৰি তোলে । ইয়াৰ পাছতে বিদ্যালয়ৰ প্ৰদৰ্শনীৰ দ্বাৰ উদঘাটন কৰে ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাই ।
প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনী মোহন ডেকাই । ইয়াৰ পিছতে বিদ্যালয়ৰ অধ্যক্ষ উপেন বৰাই আদৰণী ভাষণ প্ৰদান কৰা মুকলি সভাখনিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-05/p09tiu8h/5a28224d-72dd-4739-af94-1131d9de7782.jpg)
আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনী মোহন ডেকা, প্ৰবীণ অনাতাঁৰ শিল্পী গম্ভীৰ নাথ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অধিবক্তা দণ্ডধৰ হাজৰিকাই । বিদ্যালয়ৰ উপাধ্যক্ষ ৰঞ্জন হাজৰিকাই আঁত ধৰা সভাখনিত ২০২৩ বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰপ্ৰাপক কৃষ্ণাক্ষী দেৱীক মঞ্জু ভূঞা সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান কৰা হয়।
একেদৰে উচ্চতৰ মাধ্যমিকত সৰ্বোচ্চ নম্বৰপ্ৰাপক নিজুমণি দেৱীক সুৰেন্দ্ৰ নাথ ফুকন সোঁৱৰণী বঁটা প্ৰদান কৰা হয় । বঁটাটিত আছে মানপত্ৰ আৰু নগদ ধন। অন্যহাতে ষষ্ঠৰ পৰা সপ্তম শ্ৰেণীলৈ উত্তীৰ্ণ মৃদুপ্ৰিয়া বৰা, সপ্তমৰ পৰা অষ্টমলৈ উত্তীৰ্ণ গীতাশ্ৰী দেৱী, অষ্টমৰ পৰা নৱমলৈ উত্তীৰ্ণ ৰেখামণি শৰ্মা আৰু নৱমৰ পৰা দশমলৈ উত্তীৰ্ণ জনস্মৃতা শইকীয়াক শিক্ষক মহেশ্বৰ শইকীয়াই বঁটা প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-05/dy96fzlh/3c4d8aa2-337c-4deb-ba74-b7f6fad29647.jpg)
লগতে বিদ্যালয়ৰ ২০২২-২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ শিক্ষয়িত্ৰী হিচাপে ৰুমী লস্কৰ, শৈক্ষিক দিশত দীপশিখা বৰা আৰু পপী ভূঞাক শ্ৰেষ্ঠ শিক্ষয়িত্ৰীৰ বঁটা প্ৰদান কৰা হয় । সভাত ধৃতিমা ৰাজকুমাৰীৰ দ্বাৰা সম্পাদিত হাতেলিখা আলোচনী 'ভোগেশ্বৰ বাৰ্তা'ৰ দ্বিতীয় খণ্ড উন্মোচন কৰা হয় ।
অন্যহাতে সভাত শিক্ষয়িত্ৰী ৰুমী লস্কৰৰ দুখন গ্ৰন্থ এখন ‘ভ্ৰমণ বৃত্তান্ত’ আৰু আনখন 'এনেকৈয়ে ভাঙে সপোন ' (অনুগল্প) উন্মোচন কৰা হয় । মুকলি সভাৰ পিছতে সোমবাৰে বিয়লি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত নৃত্য-গীত মুকাভিনয় আদি অনুষ্ঠিত হয় ।
সন্ধিয়া অনুষ্ঠিত হোৱা ছাত্ৰ ছাত্ৰীসকলৰ সৌন্দৰ্য প্ৰতিযোগিতাই উপস্থিত দৰ্শক ৰাইজক মোহাচ্ছন্ন কৰি ৰাখে । উক্ত অনুষ্ঠানটিৰ আঁত ধৰে বিদ্যালয়ৰ উপাধ্যক্ষ ৰঞ্জন হাজৰিকা, শিক্ষয়িত্ৰী দীপশিখা বৰা আৰু ছাত্ৰী কৃষ্টি কন্যা বৰাই । ইফালে মঙলবাৰে দুপৰীয়াৰ সাংস্কৃতিক অনুষ্ঠানৰ পিছতে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা সামাজিক নাট অ' হৰি অ' ৰাম মঞ্চায়ন কৰা হ'ব ।
Also Read: সাহিত্য সভাত এতিয়া অসাহিত্যিকৰ দপদপনি চলিছে : ড০ নগেন শইকীয়া