/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-4.jpg)
ডিজিটেল ডেস্ক: বিহালীৰ বেদেতীত এক অমানৱীয়, জঘন্য কাণ্ড সংঘটিত হয়। ৪ মহীয়া শিশুক অপহৰণৰ পিছত পানীত পেলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
শিশুটিৰ জেঠায়েক ৰছিলা মুণ্ডাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে ১ মে'ত বেদেতিৰ চাহ বাগিচাৰ পৰা অপহৰণ কৰিছিল শিশুটি।
বুধবাৰে লখিমপুৰৰ নাওবৈচাৰ কঠালপুখুৰীত উদ্ধাৰ শিশুটিৰ মৃতদেহ। কঠালপুখুৰী ৰে'ল ষ্টেচনৰ সমীপৰ এটা পুখুৰীত উদ্ধাৰ মৃতদেহ। অৱশ্যে কি কাৰণে এই হত্যাকাণ্ড সংঘটিত হয় জানিব পৰা হোৱা নাই।
আৰু পঢ়ক: চৰকাৰী বাহনত মহিলাক বলাৎকাৰৰ অপচেষ্টা