/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-23/jih6y621/bjp-23.jpg)
বিহালীত বিজেপিৰ প্রার্থী দিগন্ত ঘাটোৱাৰৰ বিজয় সুনিশ্চিতঃ মন্ত্ৰী পীযুষ হাজৰীকা
ডিজিটেল সংবাদ বিহালীঃ বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি দলৰ প্রার্থী দিগন্ত ঘাটোৱাৰৰ বিজয় সুনিশ্চিত।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। আজি বিশ্বনাথ চাৰিআলিস্থিত কমলাকান্ত ক্ষেত্ৰত অনুষ্ঠিত এখন বিশাল জনসভা সম্বোধন কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-23/03r0dcnw/ea83b51b-f046-4d17-bb82-b40115f6c793.jpg)
তেওঁ কয় যে উপ-নিৰ্বাচনত হাজাৰ হাজাৰ মানুহ আজি ওলাই আহিছে বিজেপিক জিকাবলৈ, দিগন্ত ঘাটোৱাৰক জিকাবলৈ। দিগন্ত ঘাটোৱাৰ সকলোকে সন্মান কৰিব জনা এগৰাকী অত্যন্ত ভাল, ভদ্ৰ ব্যক্তি। তেওঁ দলৰ এজন অতি যোগ্য কাৰ্যকৰ্তা, সেয়ে দলে তেওঁক স্বীকৃতি দিবলৈকে উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
সভাত উপস্থিত ৰাইজৰ উছাহ দেখি মন্ত্ৰীগৰাকী অভিভূত হৈ পৰে। তেওঁ আৰু কয় যে মই এইকেদিন প্ৰায় এমাহ আপোনালোকৰ লগত ঘূৰি ফুৰিছো, ৰঞ্জিত দত্তৰ লগত প্ৰত্যকটো পঞ্চায়তত গৈছো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-23/i0x2o5k7/593c7e6a-c23a-422f-a41a-b8e0b7acb1d4.jpg)
সকলোতে দেখিছো, সকলোৱে কয় যে আমি বিজেপিক ভোট দিম, আমি ৰঞ্জিত দত্তক ভালপাওঁ, দিগন্ত ঘাটোৱাৰক ভালপাওঁ, হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদীক ভালপাওঁ। গতিকে আমাৰ বিজয় সুনিশ্চিত।
মন্ত্ৰীগৰাকীয়ে ভাষণত ৰাইজক উদ্দেশ্যি কয় যে এইবাৰ ভোটৰ ব্যৱধান আৰু অলপ বেছি হ’ব লাগে, যাতে দিগন্ত ঘাটোৱাৰে এই নিৰ্বাচনত ৰেকৰ্ড সংখ্যক ভোটত এই নিৰ্বাচনত জয়লাভ কৰিব পাৰে। সভাত মন্ত্ৰীগৰাকীয়ে উন্নত বিহালীক আৰু উন্নত কৰিবলৈ প্ৰয়াস কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
Also Read: মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ