/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/ulfa-i.png)
ডিজিটেল সংবাদ, পাঠশালা: বাক্সাৰ যুৱকৰ সৈতে নিজ ঘৰৰ পৰাই তিনিচুকীয়াৰ খুড়াকৰ ঘৰত যাম বুলি বিভাকৰ কলিতা(২৩) ৯ মাৰ্চতে পাঠশালা ঘৰৰ পৰা ওলাই গৈছিল ।
১০ মাৰ্চত ভনীয়েকক বিভাকৰে ফোন কৰি জনায় তেওঁৰ ফোন অফ থাকিব।আৰক্ষী ১৩ মাৰ্চত বিভাকৰৰ ঘৰলৈ আহি পিতৃ পুৰুষোত্তম কলিতাক থানালৈ মাতি পঠোৱাৰ পিছতহে পিতৃয়ে তেওঁৰ পুত্র আলফালৈ যোৱা কথা জানিব পাৰে।
ইয়াৰ পাছতে মঙলবাৰে পিতৃ মাতৃয়ে সংবাদ মাধ্যমক এই কথা জনায়। পিতৃ পুৰুষোত্তম কলিতা, মাতৃ জৰ্না কলিতাৰ একমাত্র সন্তান বিভাকৰক ঘৰলৈ উভতি আহিবলৈ পিতৃৰ কাতৰ আহবান । বিভাকৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন MARTIAL ARTS সমৰ কলাৰ কৃতি খেলুৱৈ।
আৰু পঢ়ক: "মোৰ লৰা ঘুৰাই দিয়ক" আলফা(স্বা)ত যোগদান কৰা পুত্ৰক বিচাৰি মাতৃক হাহাকাৰ…