লাচিত বৰফুকনৰ বিষয়ক চিনেমা নিৰ্মাণ কৰিব বিবেক অবেৰয়ে…

লাচিত বৰফুকনৰ বিষয়ক চিনেমা নিৰ্মাণ কৰিব বিবেক অবেৰয়ে…

author-image
asomiyapratidin
New Update
কৃষকৰ সন্তানৰ বাবে বিবেক অৱেৰয়ৰ ১৬ কোটি টকাৰ স্কলাৰশ্বিপ…

ডিজিটেল ডেস্কঃ দেওবাৰে মুখ্যমন্ত্ৰী সোনোৱালৰ সৈতে মাজুলীত অনুষ্ঠিত ৰাজহুৱা সভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বলিউড অভিনেতা বিবেক অবেৰয়ে ঘোষণা কৰে যে তেওঁ লাচিত বৰফুকনৰ ওপৰত এখন ছবি নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ কৰিব।

উল্লেখ্য যে, এই ছবিখনত অসমৰ প্ৰায় ৭০ শতাংশ শিল্পীয়ে অভিনয় কৰিব বুলিও ঘোষণা কৰে অভিনেতাজনে।অভিনেতাজনে দেওবাৰে সহোদৰ ২০২০-২১'ৰ অনুষ্ঠানত এইকথা ঘোষণা কৰিছিল । উল্লেখ্য যে জেংৰাইমুখত অনুষ্ঠিত ভিন্নৰাজ্যৰ সম্প্ৰদায়ৰ এক সাংস্কৃতিক বিনিময় কাৰ্যসূচীত অংশ লৈছিল অভিনেতাজনে।

এটা টুইটাৰ পোষ্ট যোগে তেওঁ সৰ্বানন্দ সোনোৱালক সমৰ্পিত মুখ্যমন্ত্ৰী বুলিও প্ৰসংশা কৰে। তেওঁ মুখ্যমন্ত্ৰী গৰাকীৰ সৰলতাৰো প্ৰসংশা কৰে পোষ্টটোত।


— Vivek Anand Oberoi (@vivekoberoi) February 21, 2021