হিমাচল নিৰ্বাচনক লৈ আশাবাদী ভাৰতীয় জাতীয় কংগ্ৰেছ

author-image
Asomiya Pratidin
New Update
হিমাচল নিৰ্বাচনক লৈ আশাবাদী ভাৰতীয় জাতীয় কংগ্ৰেছ

ডিজিটেল ডেস্ক : হিমাচল প্ৰদেশৰ নিৰ্বাচনক লৈ আশাবাদী প্ৰতিটো দল । ইতিমধ্যেই ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দুটাকৈ শোভাযাত্ৰা অনুষ্ঠিত কৰাৰ পাছত ভাৰতীয় জাতীয় কংগ্ৰেছেও সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে হিমাচল প্ৰদেশৰ শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনিবলৈ । কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ ভাৰ-প্ৰাপ্ত বিষয়া তথা ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেষ বাঘেলে বিগত ৪ দিন ধৰি বাহৰ পাতি আছে হিমাচল প্ৰদেশত ।

Advertisment

নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে দিয়া মন্তব্য অনুসৰি, হিমাচলত কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত । এই ক্ষেত্ৰত আশাবাদী দলটোৰ সকলো কৰ্মকৰ্তা । আনহাতে, কংগ্ৰেছ শাসনলৈ আহিলে হিমাচল প্ৰদেশত ১ লক্ষাধিক সংস্থাপন দিয়া হ'ব বুলিও জনায় মন্ত্ৰী গৰাকীয়ে । ইয়াৰ ওপৰিও, পূৰ্বৰ পেঞ্চন ব্যৱস্থাও পুনৰ ওভতাই অনাৰ প্ৰতিশ্ৰুতি দিয়ে কংগ্ৰেছ দলে ।

উল্লেখ্য যে, বিজেপিৰ শোভাযাত্ৰাক কটাক্ষ কৰি নেতা গৰাকীয়ে কয় যে, বিগত সময়ছোৱাত হিমাচল প্ৰদেশত বিজেপিয়ে কোনো উন্নয়নমূলক কাম কৰিবলৈ সফল হোৱা নাই যাৰ বাবে দেশৰ প্ৰধান মন্ত্ৰীয়ে শোভাযাত্ৰাত যোগদান কৰিব লগীয়া হৈছে ।

indian national congress himachal pradesh bhupesh bhaghel