ওৰাঙত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উদযাপনৰ প্ৰস্তুতি

সমগ্ৰ ৰাজ্যৰ লগতে ওৰাঙতো ৫ নবেম্বৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ একাদশ বাৰ্ষিক স্মৃতি দিৱস উদযাপন কৰিবলৈ প্ৰস্তুতি কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
ওৰাঙত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উদযাপনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ,ওৰাং:- সমগ্ৰ ৰাজ্যৰ লগতে ওৰাঙতো ৫ নবেম্বৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ একাদশ বাৰ্ষিক স্মৃতি দিৱস উদযাপন কৰিবলৈ প্ৰস্তুতি কৰা হৈছে। মানুহে মানুহৰ বাবে শীৰ্ষক অনুষ্ঠানেৰে ওৰাং লক্ষী মন্দিৰ প্ৰাংগণত ৰাইজৰ সহযোগত দিন যোৰা কাৰ্যসূচীৰে ‌ড° ভূপেন হাজৰিকাৰ একাদশ বাৰ্ষিক স্মৃতি দিৱস উদযাপন কৰা হ'ব।

Advertisment

কাৰ্যসূচী অনুসৰি পুৱা ১১ বজাত ৰাজহুৱাভাৱে ড° ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াৰ পিছতে বৃক্ষ ৰোপন অনুষ্ঠান অনুষ্ঠিত হ'ব। দিনৰ ১২ বজাত সমবেত সংগীত পৰিবেশন কৰিব ওৰাং সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে।

দুপৰীয়া ১২.৩০ বজাত ড° ভূপেন হাজৰিকাৰ সমাজ জীৱনৰ ওপৰত বক্তব্য অনুষ্ঠান অনুষ্ঠিত হ'ব। ২ বজাত কথক নৃত্য প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হ'ব। আবেলি ৩ বজাত বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব। কাৰ্যসূচী অনুসৰি আবেলি ৪ বজাত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগীতা অনুষ্ঠান অনুষ্ঠিত হ'ব।

সন্ধিয়া ৭ বজাত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। পোন প্ৰথমবাৰৰ বাবে ওৰাং ৰাজহুৱা লক্ষী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'ব সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু দিৱস। অনাগত দিনত উঠি অহা নৱ প্ৰজন্মই যাতে মহান ব্যক্তিজনৰ আদৰ্শ, অৱদান আৰু সৃষ্টিৰাজি বজাই ৰাখে তাৰ বাবেই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্য বুলি জনাইছে উদ্যোগতা সকলে।

assam bhupen hazarika