/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/e0bbbe94-28f2-465a-9673-e199fc07978c/bhupen_bora.jpg)
ডিজিটেল ডেস্ক : দীৰ্ঘদিন ধৰি চলি অহা ৰাইজৰ সংশয়ক সচা বুলি প্ৰমাণ কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ শোচনীয়া অৱস্থাই মাতি আনিছে বহু বিপদ । তেনেস্থলত প্ৰকল্পটোৱে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ ল'বলৈ বৃহস্পতি বাৰে প্ৰকল্প স্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সৈতে পৰিস্থিতিৰ বুজ ল'ব ভূপেন বৰাই । ইয়াৰ উপৰিও, বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ সৈতে উপস্থিত থাকিব ধেমাজি আৰু লখিমপুৰ জিলা কংগ্ৰেছ কমিটীৰ বিষয়াববীয়া তথা ব্লক কংগ্ৰেছৰ নেতৃবৃন্দই ।
উল্লেখ্য যে, নামনি সোৱণশিৰি প্ৰকল্পই ভৱিষ্যতলৈ অসমত ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি বিগত বহু বছৰ ধৰি অসমৰ বহু কেইটা জাতীয় সংগঠন তথা মঞ্চই প্ৰতিবাদ কৰি আহিছিল প্ৰকল্পটোৰ বিৰুদ্ধে । কিন্তু বিজেপি চৰকাৰে ৰাইজৰ প্ৰতিবাদ, ওজৰ আপত্তিকো নেওচি ইয়াৰ নিৰ্মাণ কাৰ্য আকৌ আৰম্ভ কৰিছিল । ফলত প্ৰকৃতিৰ ৰোষত পৰি শেহতীয়াকৈ প্ৰকল্পটোৰ গাৰ্ড ৱাল ভঙাৰ পাছত আতংকিত হৈ পৰিছে ৰাইজ ।