শিৱসাগৰত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ

শিৱসাগৰত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ

author-image
asomiyapratidin
New Update
শিৱসাগৰত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ

ডিজিটেল ডেস্ক: শিৱসাগৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ লগতে একাংশ কংগ্ৰেছী নেতাই বাহৰ পাতিছে ৷

Advertisment

আগন্তুক পৌৰ নিৰ্বাচনৰ প্ৰসংগত কংগ্ৰেছৰ মাণ্ডলিক সভাত অংশ গ্ৰহণ কৰে সভাপতি গৰাকীয়ে ৷ উজনি আৰু উত্তৰ অসমৰ শিৱসাগৰ ,চৰাইদেউ , ডিব্ৰুগড় ,তিনিচুকীয়া, লক্ষীমপুৰ, ধেমাজি , বিশ্বনাথ ,শোনিতপুৰ , গোলাঘাট আৰু যোৰহাট জিলাক সামৰি ১০ খন জিলাৰ কংগ্ৰেছৰ জিলা পৰ্যায়ৰ,ব্লক পৰ্যায়ৰ আৰু নিৰ্বাচন কমিটিৰ বিষয়ববীয়াক লৈ অনুষ্ঠিত মাণ্ডলিক সভাত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভপতি গৰাকীয়ে ৰাজনৈতিক মন্ত্ৰনা প্ৰদান কৰে ৷ মাণ্ডলিক সভাৰ পূৰ্বে পুৱাই স্বাধীনতা সংগ্ৰামী ছহীদ পিয়লি ফুকনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে সভাপতি গৰাকীয়ে ৷

সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছ সভাপতি গৰাকীয়ে পৌৰ সভা নিৰ্বাচনত পেৰাচ্যুট লেণ্ডিঙৰে টিকট দিয়া নহ'ব বুলি মন্তব্য কৰি বিজেপিয়ে দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ কৰিছে বুলিছে অভিযোগ উত্থাপন কৰে ।

আনহাতে কংগ্ৰেছে পৌৰসভা নিৰ্বাচনত জয়ী হ'লে ৰাইজৰ প্ৰত্যেকটো পইচাৰ সৎ ব্যৱহাৰ হ'ব বুলি মন্তব্য কৰে । সেয়ে ৰাইজৰ স্বাৰ্থত পৌৰসভা সমূহত ভোট কংগ্ৰেছক দিবলৈ আহ্বান সভাপতি বৰাৰ।

আনহাতে ডেৰলাখ টকাত বিহু অনুষ্ঠিত কৰা সম্ভৱ নহয় বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সভাপতি বৰাই ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কেবিনেট পাতি বিহুৰ ডেৰ লাখ টকা কোন শিতানত খৰছ কৰিব তাৰ তালিকা ঠিক কৰক বুলি কটাক্ষ কৰে সভাপতি গৰাকীয়ে ।

সভাপতি বৰাই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ খালী হৈ থকা চাকৰিৰ পদ সমূহ পূৰণ কৰাত মনোনিবেশ কৰিবলৈও মুখ্যমন্ত্ৰী গৰাকীক দাবী জনায় ৷

মুখ্যমন্ত্ৰী গৰাকীক বিহুৰ আগত ১ লাখ যুৱকক চাকৰি দিয়ক বুলি প্ৰত্যাহ্বান জনায় ৷ ইফালে মাণ্ডলিক সভাত উপস্থিত কংগ্ৰেছৰ নেতা -কৰ্মী সকলে পৌৰ নিৰ্বাচনত কংগ্ৰেছৰ বিজয়ধ্বজা উৰুৱাবলৈ সংকল্প গ্ৰহণ কৰে ।

assam congress sivsagar