মন্ত্ৰী-বিধায়ক হৈছে টুৰিষ্ট গাইড, চুৰি পলিটিক্সত নাম সাঙোৰ খালে অসমৰ: ভূপেন বৰা

মন্ত্ৰী-বিধায়ক হৈছে টুৰিষ্ট গাইড, চুৰি পলিটিক্সত নাম সাঙোৰ খালে অসমৰ: ভূপেন বৰা

author-image
asomiyapratidin
New Update
নীলমণি সেন ডেকাক সমালোচনা ভূপেন বৰাৰ…

ডিজিটেল ডেস্ক: অসমৰ মন্ত্ৰী বিধায়ক এতিয়া টুৰিষ্ট গাইডলৈ পৰিণত হৈছে। বিসম্বাদী বিধায়কক সেৱা শুশ্ৰষা কৰাত ব্যস্ত তেওঁলোক।মহাৰাষ্ট্ৰৰ বিসম্বাদী ৪০ বিধায়কক গুৱাহাটীত বাহৰ পতাৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত এই মন্তব্য কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

এনে কাৰ্যক ৰাজনীতিৰ ভণ্ডামি বুলি উল্লেখ কৰি বৰাই কয় এয়া হৈছে ৰাজনীতিৰ চুৰি। এনেবোৰ কাৰ্যৰ সৈতে এখন চৰাকৰক মান সন্মানৰ প্ৰশ্ন জড়িত হৈ আছে। এতিয়া প্ৰত্যক্ষভাৱে মহাৰাষ্ট্ৰৰ সৈতে আমাৰ সম্পৰ্ক বেয়া হ'ব।

যি সময়ত অসম বানপানীত ডূবি আছে সেই সময়ত অসমৰ বন্যাৰ্তৰ খবৰ ল'বলৈ কোনোবা কেন্দ্ৰীয় মন্ত্ৰী আহিব লাগিছিল। কিন্তু আহিল বিসম্বাদী বিধায়ক।তেওঁলোক আশ্ৰয় আৰু আতিথ্য দিয়াত ব্যস্ত চৰকাৰ।

বন্যাৰ্তক বান সাহায্য দিয়াৰ সলনি এইবোৰ কামত ব্যস্ত হৈছে হিমন্ত বিশ্বৰ নেতৃত্বাধীন চৰকাৰ। ইয়াতকৈ আৰু পৰিতাপৰ কথা কি হ'ব পাৰে বুলিও মন্তব্য কৰে ভূপেন বৰাই।

আৰু পঢ়ক: বিসম্বাদী ৰাজনীতিৰ ৰাজধানী গুৱাহাটী কিয়?

assam maharashtra bhupen bora