হিমন্ত বিশ্ব শৰ্মা আৰু ভূপেন বৰাকো আলফাই মৃত্যুদণ্ডৰ ভাবুকি দিছিল…

হিমন্ত বিশ্ব শৰ্মা আৰু ভূপেন বৰাকো আলফাই মৃত্যুদণ্ডৰ ভাবুকি দিছিল…

author-image
asomiyapratidin
New Update
হিমন্ত বিশ্ব শৰ্মা আৰু ভূপেন বৰাকো আলফাই মৃত্যুদণ্ডৰ ভাবুকি দিছিল…

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : মৃত্যুদণ্ড আদালতেহে দিয়ে বুলি কৈ মুখ্যমন্ত্ৰী ড. হিমন্তবিশ্ব শৰ্মাই নিজকে সকীয়নি দিছে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। লগতে কয় যে যি গৰাকী মুখ্যমন্ত্ৰীয়ে এনকাউণ্টাৰ কৰিবলৈ নিৰ্দেশ দিব পাৰে সেই গৰাকী মুখ্যমন্ত্ৰীয়ে উগ্ৰপন্থী নিৰ্দেশৰ বিৰোধিতা কৰিবলৈ গৈ এক প্ৰকাৰ নিজকেই সকীয়নি দিছে।

আনহাতে ১৯৯৩ চনত আলফাই বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীৰ লগতে তেওঁকো সকীয়নী প্ৰদান কৰি প্ৰচাৰ পত্ৰ বিতৰণ কৰা বুলি দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন কুমাৰ বৰাই।

বৰাই কয় যে অসমৰ ৰাইজে এতিয়া আৰু হত্যাযজ্ঞ চাই থাকিব বিচৰা নাই। অসম বাসীয়ে আলোচনাৰ মাধ্যমেৰে দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধান বিচাৰিছে।গতিকে সংবাদ মাধ্যমৰ জৰিয়তে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।

আৰু পঢ়ক: মানকাচৰ সীমান্ত প্ৰদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ

assam ulfa i himanta biswa sarma