ভূপেন বৰাৰ নতুন কবিতা 'দৰ্পচূৰ্ণ'

আকৌ কবিতাৰে সাম্প্ৰতিক সময়ৰ বাস্তৱক দাঙি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। '

author-image
Asomiya Pratidin
New Update
ভূপেন বৰাৰ নতুন কবিতা 'দৰ্পচূৰ্ণ'

bhupen bora

ডিজিটেল ডেস্ক: আকৌ কবিতাৰে সাম্প্ৰতিক সময়ৰ বাস্তৱক দাঙি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। 'দৰ্পচূৰ্ণ' শীৰ্ষক কবিতাটিৰ জৰিয়তে বৰাই সাম্প্ৰতিক সময়ৰ ঘটনা ৰাজিক তুলি ধৰাই নহয়, শাসকীয় দলক তীক্ষ্ণ ভাষাৰে কবিতাৰ মাধ্যমেৰে সমালোচনা কৰিছে।

Advertisment

ইয়াৰ পূৰ্বেও কবি ভূপেন বৰাই আন কেইবাটাও কবিতাৰ দ্বাৰাই শাসকীয় দলৰ কাম কাজক উদঙাই ব্যাপক চৰ্চা লাভ কৰিছিল। দৰ্পচূৰ্ণ কবিতাটোত ভূপেন বৰাই জাতি-মাটি, ভেটি ৰক্ষা কৰিম বুলি কোৱা চৰকাৰক কটাক্ষ কৰি কৈছে - জাতি-মাটি,ভেটি ৰক্ষাৰ প্ৰচণ্ড শব্দ /বৰগীত খোল তালে হেৰুৱাইছে ছন্দ।

এই দুই বাক্যৰ জৰিয়তে ৰাজ্যত যে জাতি সংকটৰ সন্মুখীন হৈছে , নিজস্বতা হেৰুৱাইছে সেয়া কবিতাৰ ভাষাৰে তেওঁ কৈছে। উন্নয়নৰ গংগাৰ কথা কোৱা শাসকীয় বিজেপিয়ে উন্নয়নৰ সলনি তাণ্ডৱৰ সৃষ্টি আৰু নাৱৰ সৈতে স্বজাতিৰ বাস্তৱ ডুবাৰ কথা উল্লেখ কৰি মাজুলীৰ পৰা ধুবুৰীলৈ যিবোৰ হৈ আছে তাৰ কথাও কবিতাটোত উল্লেখ আছে।

এই চৰকাৰৰ ক্ষমতাৰ ৰাজহাড় হৈ পৰিছে হিতাধিকাৰী। কবিতাটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সৰ্বদিশে হাহাকাৰ হৈছে বুলি কৈছে ভূপেন বৰাই। অৰুণোদয় হৈছে এতিয়া এই চৰকাৰৰ ক্ষমতাৰ ৰাজহাড়।

বিজ্ঞাপনত কোটি কোটি টকা ব্যয়, হেলিকপ্টাৰৰ নামত ব্যয় আৰু বশিষ্ঠত নিৰ্মাণ কৰা বিজেপিৰ অত্যাধুনিক কাৰ্যালয়ৰ প্ৰসংগইও কবিতাটোত স্থান পাইছে। সেই কাৰ্যালয়ৰ নিৰ্মাণক লৈ ইতিমধ্য়ে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কবিতাটোত উল্লেখ কৰা হৈছে বৰগীতৰ কথা। অম্লজানৰ অভাৱত বৰগীতে এতিয়া থৰকাচুতি হেৰুৱাইছে। আউসীৰ এন্ধাৰে আৱৰি ধৰিছে। কবিৰ মতে কবিৰ কাণত ভাহি আছে মাজুলীত চিকিৎসাৰ অভাৱত প্ৰাণ হেৰুওৱা তেজস্বীতাৰ সুৰৰ বিননী। শেষত কবিয়ে কৈছে কুম্ভকৰ্ণৰ নিদ্ৰাত আছে এই চৰকাৰ। জাতি-মাটি, ভেটি ৰক্ষা কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি আজি দৰ্পচূৰ্ণ হৈছে।

প্ৰতীকি অৰ্থত শেহতীয়া ঘটনাৰাজিক তুলি ধৰা ভূপেন বৰাৰ এই নতুন কবিতাই লাভ কৰিছে ব্যাপক চৰ্চা। হাজাৰ শব্দই কব নোৱাৰা বহু কথা কবিতাটোৱে কৈছে পাঠকক। ভূপেন বৰাৰ সেই কবিতাটো-

জাতি মাটি ভেটি ৰক্ষা প্ৰচণ্ড শব্দ,

বৰগীত খোল তালে হেৰুৱাইছে ছন্দ।।

উন্নয়নৰ গংগাৰ চলে আনিছে তাণ্ডৱ,

নাৱৰ সৈতে ডুবি গৈছে স্বজাতিৰ বাস্তৱ,

মাজুলীৰ পৰা ধুবুৰীলৈ দেখিছোঁ বছৰেকীয়া জলবলি উৎসৱ।

অৰুণোদয় হৈছে আজি ক্ষমতাৰ ৰাজহাঁড়,

মামাৰ নেতৃত্বত সৰ্বদিশে হাহাকাৰ।

বিজ্ঞাপনত শতকোটি, হেলিকপ্টাৰটো কোটি কোটি,

পদুম আজি বশিষ্ঠত হৈছে গগনচুম্বী,

অম্লজানৰ অভাৱত বৰগীতে হেৰুৱাইছে ধৰকাছুটি।

আঁউসী আন্ধাৰে আৱৰি আনিছে,

তেজস্বীতাৰ সুৰৰ বিননী ভাঁহী আহিছে,

কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ মগ্ন

জাতি, ভেটি ৰক্ষাৰ দর্পচূর্ণ ।।

assam bhupen bora poet poem congress