টেঙাখাতত ভূপেন বৰাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা-কৰ্মীৰে মত বিনিময়

টেঙাখাতত ভূপেন বৰাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা-কৰ্মীৰে মত বিনিময়। জ্যেষ্ঠ নেতাক ফুলাম গামোছাৰে সন্মান প্ৰদৰ্শন ভূপেন বৰাৰ।

author-image
Asomiya Pratidin
New Update
টেঙাখাতত ভূপেন বৰাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা-কৰ্মীৰে মত বিনিময়

ডিজিটেল সংবাদ, টেঙাখাত : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা তথা একাংশ কেন্দ্ৰীয় নেতৃত্ব শনিবাৰে আবেলি প্ৰায় ২-৩০ বজাত টেঙাখাত গান্ধীভৱন প্ৰাঙ্গনত পদাৰ্পন কৰে। প্ৰথমে সন্মুখৰ স্থায়ী গান্ধী মূৰ্তিত বন্তি জ্বলাই পুষ্প ধূপ দিয়াৰ পিছতে ১১৮ নং দুলিয়াজান বিধান সভা সমষ্টিৰ অন্তৰ্গত টেঙাখাত ব্লক কংগ্ৰেছ কমিতিৰ তৎপৰতাত কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতা টেঙাখাত ব্লক কংগ্ৰেছ কমিটিৰ প্ৰাক্তন বিষয়ববীয়াৰে মত বিনিময় কৰে।

টেঙাখাত ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি গৌতম গগৈয়ে আঁত ধৰা তথা কংগ্ৰেছৰ যুৱ নেতা বিপুল ৰাভা আদিৰ পৰিচালনাত ভূপেন কুমাৰ বৰাৰ লগতে প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ, ৰাণী নৰহ, প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী ক্ষিৰোদ শইকীয়া, ৰাজু চাহ, পৃথিৱী মাঝি, এতুৱা মুণ্ডা, অসম প্ৰদাশ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকল, ৰাণা গোস্বামী, অপূৰ্ব ভট্টাচাৰ্য, টেঙাখাত ব্লক কমিটিৰ বৰ্তমান তথা প্ৰাক্তন জ্যেষ্ঠ নেতাসকল, জিলা কংগ্ৰেছৰ নেতা নিৰন হাজৰীকা, হেৰম্ব সন্দিকৈ, ৰতন বৰা, ধ্ৰুৱজ্যোতি চমুৱা, লীলা ৰাজখোৱা, আদিক ফুলাম গামোছাৰে আদৰণি জনোৱাৰ লগতে সভাপতি ভূপেন কুমাৰ বৰাইয়ো দুজনমান জ্যেষ্ঠ নেতাক ফুলাম গামোছাৰে সন্মান প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় ।

অনুষ্ঠানত ৰতন বৰা হেৰম্ব সন্দিকৈ, বংশীলাল চাহু, সদা গগৈ, দিলীপ বৰুৱা, শৰৎ গগৈ আদিয়ে ভূপেন কুমাৰ বৰাৰ নেতৃত্বক সমৰ্থন জনাই পৰামৰ্শ মূলক বক্তব্য ৰখাৰ পিছতে সভাপতি ভূপেন কুমাৰ বৰাই জ্যেষ্ঠজনৰ সকলোকে পৰামৰ্শ কামনা কৰাৰ লগতে দুলিয়াজান সমষ্টিৰ কংগ্ৰেছৰ পূৰ্বৰ গৌৰৱ ঘূৰাই অনাৰ বাবে কৰ্তব্যত ব্ৰতী হবলৈ আহ্বান জনোৱাৰ সমসাময়িক ভাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি বক্তব্য প্ৰদান কৰে ।

apcc bhupen bora