”বিধায়ক কিনিবলৈ, বিয়া-সবাহ খাবলৈ হেলিকপ্টাৰ উৰুৱাবলৈ টকা থাকে, মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতৰ বাবে টকাৰ অভাৱ হয়”

”বিধায়ক কিনিবলৈ, বিয়া-সবাহ খাবলৈ হেলিকপ্টাৰ উৰুৱাবলৈ টকা থাকে, মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতৰ বাবে টকাৰ অভাৱ হয়”

ডিজিটেল ডেস্কঃ অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই-মাদ্ৰাছা শিক্ষান্ত পৰীক্ষালৈ মাজত মাত্ৰ এটা সপ্তাহ বাকী থকা সময়ত ২০২১ চনৰ প্ৰশ্নকাকত আৰু উত্তৰবহীৰে ২০২২ চনৰ, অৰ্থাৎ এইবাৰৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা চৰকাৰী সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰি ইয়াক 'হঠকাৰিতাৰ চূড়ান্ত নিদৰ্শন' বুলি অভিহিত কৰিছে অসম প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। মংগলবাৰে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত বৰাই কয় যে, 'মিতব্যয়িতা'ৰ নামত অসমৰ ল'ৰা-ছোৱালীৰ মূৰ খোৱা এনে চৰকাৰী সিদ্ধান্ত কোনো কাৰণতে গ্ৰহণ কৰা নহব। তেওঁ কয় যে শিক্ষা ব্যৱস্থাটোক লৈ ল'ৰা-ধেমালি কৰি অহা চৰকাৰখনৰ স্বৰূপটো শেহতীয়া এই সিদ্ধান্তই একেবাৰে নাঙঠ কৰি দিলে।

উল্লেখযোগ্য যে কোৰোনা মহামাৰীৰ বাবে যোৱা বছৰ, অৰ্থাৎ ২০২১ চনৰ হাইস্কুল আৰু হাই-মাদ্ৰাছা চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল আৰু ছাত্ৰ-ছাত্ৰীৰ পূৰ্বৱৰ্তী পৰীক্ষাৰ মূল্যায়নৰ ভিত্তিত শিক্ষাৰ্থীসকলৰ ফলাফল নিৰ্ধাৰণ কৰা হৈছিল। এতিয়া যোৱাবাৰ পৰীক্ষা অনুষ্ঠিত হ'ব বুলি সাজু কৰি উলিওৱা সেই প্রশ্নকাকত লৈয়ে এইবাৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি 'ছেবাই ঘোষণা কৰিছে।

কাৰণ হিচাপে দেখুওৱা হৈছে 'ব্যয়-সংকোচন'। তদুপৰি খবৰ মতে যোৱাবাৰৰ পৰীক্ষাৰ বাবে সাজু কৰা পৰীক্ষাৰবহীয়েই এইবাৰ ব্যৱহাৰ কৰি পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব। সর্বোপৰি কোৰোনা সৃষ্ট পৰিস্থিতিৰ বাবে যোৱাবছৰ পাঠ্যক্ৰমৰ পৰিধি ৩০ শতাংশ কমাই প্রশ্নকাকত প্রস্তুত কৰা হৈছিল আৰু এইবাৰ অনিয়মীয়া শ্ৰেণীৰ বাবে পাঠ্যক্ৰমৰ পৰিধি ৪০ শতাংশ কমাই পৰীক্ষা অনুষ্ঠিত কৰিব বুলি কোৱা হৈছে। অর্থাৎ দুয়োটা বছৰৰ পাঠাক্ৰমৰ মাজত ১০ শতাংশ ব্যৱধান থাকিব। তেনেস্থলত শিক্ষার্থীসকল স্বাভাৱিকতে প্রতাৰিত হ'ব।

সভাপতি বৰাই কয় যে, অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ এইদৰে চৰকাৰে হিতাহিত জ্ঞানশূন্যৰ দৰে আচৰণ কৰিলে নচলিব। তেওঁ আৰু কয় যে গৰুৱে প্ৰশ্নকাকত চোবাই খোৱাৰ সুবিধা থকা চৰকাৰৰ শাসনত যোৱাবছৰ পৰীক্ষাৰ বাবে ছপোৱা প্ৰশ্নকাকত এটা বছৰে কিমান নিৰাপদে আছে সেয়াও সন্দেহৰ বাহিৰত নহয়। বৰাই কয় যে 'মিতব্যয়িতা'ৰ নামত 'ছেবা' আৰু শিক্ষা বিভাগৰ এনে হঠকাৰী সিদ্ধান্ত মানি লোৱা নহ'ব। ৰাজ্যখনৰ চহৰে চহৰে লাখে লাখে ৰাজকোষৰ ধন ভাঙি 'কেবিনেট'ৰ সভা পাতিবলৈ চৰকাৰৰ টকা থাকে, 'হেলিকপ্টাৰ লৈ বিয়া-সবাহ খাবলৈ চৰকাৰৰ টকাৰ অভাৱ নহয়, ভোট কিনিবলৈ ধন ছটিয়াবৰ সময়ত চৰকাৰৰ 'মিতব্যয়িতা'ৰ কথা পাহৰণিৰ গৰ্ভলৈ যায়গৈ। লোকৰ দলৰ বিধায়ক কিনিবলৈ এইখন চৰকাৰৰ হাতত ধনৰ অভাৱ নহয়।

'ধাৰ কৰি হ'লেও বিকাশ সাধন কৰিম' বুলি দম্ভালি মৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ছপাবৰ সময়ত 'মিতব্যয়িতা'ৰ বচন মাতিলে ৰাইজে হঁহাৰ বাহিৰে আন কোনো উপায় নাথাকে। বৰাই তাৎক্ষণিকভাৱে এই হঠকাৰী সিদ্ধান্ত উঠাই লৈ পৰীক্ষা অনুষ্ঠিত নকৰিলে অসম প্রদেশ কংগ্ৰেছে অসমৰ ভৱিষ্যত প্রজন্মৰ স্বাৰ্থত প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰিব বুলি প্ৰকাশ কৰি কয় যে এগৰাকী 'ডক্টৰেট' ডিগ্ৰীধাৰী মুখ্যমন্ত্ৰীয়ে শিক্ষাখণ্ডক লৈ এনেদৰে হেতালি খেলিব পাৰে বুলি ইয়াৰ আগলৈকে অসমৰ ৰাইজে ভাবিবই পৰা নাছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in