/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/bhumi.png)
ডিজিটেল সংবাদ, মঙলদৈ: দৰং জিলাৰ সদৰ স্থান মঙলদৈ নগৰ তথা সমগ্ৰ জিলা খনৰ ৰাইজৰ বাবে এটা সুখবৰ। জিলাখনত দেওবাৰে আধাৰশিলা স্থাপনৰ লগতে ভূমি পূজন হয় এখন ফাৰ্মাচী কলেজৰ । মঙলদৈ নগৰৰ নিকটৱৰ্তী মেধিপাৰাত আধাৰশিলা স্থাপন কৰা হৈছে এই ফাৰ্মাচী কলেজৰ ।
কেমিষ্ট আৰু ড্ৰাগিষ্ট এচ'চিয়েছন অব আছামৰ ব্ৰহ্মপুত্ৰ এডুকেচন ট্ৰাষ্টৰ উদ্যোগত স্থাপন হ'বলগীয়া এই ফাৰ্মাচী কলেজৰ আধাৰশিলা আৰু ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকে কেমিষ্ট আৰু ড্ৰাগিষ্ট এচচিয়েছনৰ বিষয় ববিয়া, ব্ৰহ্মপুত্ৰ এডুকেচনৰ বিষয় ববিয়া লগতে দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, মঙলদৈ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, দৰং জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।
উল্লেখযোগ্য যে মঙলদৈত স্থাপন হবলগীয়া এই ফাৰ্মাচী কলেজ খনে আশাৰ বতৰা কঢ়িয়াই আনিছে দৰংবাসীৰ লগতে নিবনুৱা যুৱক-যুৱতী সকললৈ । এই কলেজখনৰ জৰিয়তে জিলা খনৰ একাংশ নিবনুৱা যুৱক-যুৱতী উপকৃত হ'ব বুলি আশা কৰা হৈছে । ইপিনে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে দৰঙৰ বিভিন্ন দল-সংগঠন আদিয়ে ।ফাৰ্মাচী কলেজখনে নিৰ্মাণ হলে দৰং বাসীৰ বহুদিনীয়া অভাৱ এটি পূৰণ হ'ব বুলি সচেতন মহলে মন্তব্য কৰিছে ।