/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/bhuban-gam.png)
ডিজিটেল ডেস্ক: ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ ভাষণ অন্ত পৰাৰ পাছতেই নৱ-নিৰ্বাচিত বিধায়ক ভূৱন গামে বিধায়কৰূপে শপত লয়। শেহতীয়াকৈ অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত মাজুলীৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈ আহিছিল ভূৱন গাম।
উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৰাজ্যসভালৈ নিৰ্বাচিত হৈ যোৱাত তেওঁ জয়ী হৈ অহা মাজুলীৰ বিধানসভা আসন খন খালী হৈছিল। ইফালে ৰাজ্যপালৰ ভাষণৰ সময়তেই সদনত ৰাজ্যপাল মুখীয়ে ভুল তথ্য দিয়া বুলি প্ৰতিবাদ কৰে অখিল গগৈয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us