‘শ্যাম ৰায় বৃন্দাবনে চলি যায়’: বটদ্ৰৱা থানৰ নাটঘৰ যেন হৈ পৰিল বৃন্দাবন…

‘শ্যাম ৰায় বৃন্দাবনে চলি যায়’: বটদ্ৰৱা থানৰ নাটঘৰ যেন হৈ পৰিল বৃন্দাবন…

author-image
asomiyapratidin
New Update
‘শ্যাম ৰায় বৃন্দাবনে চলি যায়’: বটদ্ৰৱা থানৰ নাটঘৰ যেন হৈ পৰিল বৃন্দাবন…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ 'শ্যাম ৰায় বৃন্দাবনে চলি যায়' বটদ্ৰৱা থানৰ নাটঘৰ যেন হৈ পৰিল বৃন্দাবন। ৩৬০ বছৰীয়া পৰম্পৰাক আধাৰ কৰি বটদ্ৰৱা থানৰ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে অনুষ্ঠিত গুৰু কীৰ্তনৰ বিয়লি পৰিবেশ কৰা হয় ভোজন বেহাৰ নাটখনি।

সেই মনোৰম পৰম্পৰাক সৰোগত কৰি আজিওঁ বটদ্ৰৱা থানৰ নাটঘৰত সত্ৰৰ শিশু বালক সকলৰ অভিনয়ৰে মঞ্চস্থ হ'ল ভোজন বেহাৰ নাট। ভোজন বেহাৰ নাটৰ কৃষ্ণ সহিতে বালক সকলে গৰু চৰাবলৈ যোৱা দৃশ্যাংশৰ গীত 'এ কানু সাজে' সিন্ধুৰা পৰি তালৰ গীতৰ মাজেৰে কৃষ্ণ সহিতে বালক সকলে প্ৰবেশ কৰি কৃষ্ণই 'শ্যাম ৰায় বৃন্দাবনে চলি যায়' গীতত কৰা মনোমোহা নৃত্যত যেন বৃন্দাবন হৈ পৰিল বটদ্ৰৱা থানৰ নাটঘৰ।

মহাপুৰুষ মাধৱদেৱ বিৰচিত অন্যতম ঝুমুৰা ভোজন বেহাৰ উপভোগ কৰি দৰ্শক তথা ভকত সকলে সামৰণিত ভোজনবেহাৰৰ প্ৰসাদ গ্ৰহণ কৰে।