/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/3520e361-1dc5-476a-a52d-5b35eb898248/bhoga.jpg)
ডিজিটেল সংবাদ, নুমলীগড় : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাট জিলা শাখাৰ দ্বাৰা দেওবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে গোলাঘাটৰ মইনাপাৰা খেলপথাৰত এখনি ভোগালী মেলা অনুষ্ঠিত হৈছে । আজি মেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ।
প্ৰথম দিনাৰ কাৰ্যসূচীত গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, (ভাঃ প্ৰঃ সেঃ), জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, ধীৰাজ দাস, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, মৰঙীৰ উন্নয়ন খণ্ড বিষয়া নিপজ্যোতি পাতিৰি আৰু আন উন্নয়ন খণ্ড বিষয়াসকল, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাট জিলা শাখাৰ জিলা প্ৰকল্প প্ৰবন্ধক মাধুৰ্য প্ৰসাদ বৰা আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
এই মেলাত গোলাঘাট জিলাৰ বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত বস্ত্ৰশিল্প, হস্তশিল্প, থলুৱা পিঠা-পনা তথা সুস্বাদু খাদ্য সম্ভাৰ উপলব্ধ হ'ব । লগতে থলুৱা খেল-ধেমালি আৰু জাতীয় সাজ-পাৰ প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব ।
আৰু পঢ়ক: গ্ৰন্থই বিশ্ব মানৱৰ ঐক্য সংহতি স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে: কনক সেন ডেকা