আজি ৰাজ্যত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা, মঙলদৈত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান…

আজি ৰাজ্যত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা, মঙলদৈত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান…

author-image
asomiyapratidin
New Update
আজি ৰাজ্যত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা, মঙলদৈত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান…

ডিজিটেল সংবাদ, মঙলদৈ: দেওবাৰে অনুষ্ঠিত হোৱা তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শনৰ বাবে উপস্থিত হয় অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত। মঙলদৈ মহাবিদ্যালয়, পশ্চিম ৰঙামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰকে ধৰি জিলা খনৰ সাত টা পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

Advertisment

প্ৰতি গৰাকী শিক্ষাৰ্থীক অসম আৰক্ষীৰ তৰফৰ পৰা কলম, চকলেট দি শুভেচ্ছা জনায়। মহন্তই কয় যে আজি ৰাজ্য খনত চলি থকা তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ লগত জড়িত প্ৰতিগৰাকী লোকেই গুৰুত্ব সহকাৰে কাম কৰিছে। এনে বাচনি পৰীক্ষাৰ দ্বাৰা চাকৰি পোৱা প্ৰতিগৰাকী কৰ্মচাৰীয়েই সৎ আৰু নিষ্ঠাবান কৰ্মচাৰী হ'ব। এয়া হ'ল ভবিষ্যতে নিৰ্মাণৰ আখৰা।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা সমূহ ২১ আগষ্টত অনুষ্ঠিত হৈছিল। তাৰ পাছতেই আজি অনুষ্ঠিত হৈছে তৃতীয় বৰ্গৰ পৰীক্ষা। অন্যহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি ১ মাহৰ ভিতৰত এই পৰীক্ষাৰ ফলাফল সমূহ দিবলৈ চেষ্টা কৰা হ'ব।

আৰু পঢ়ক: "ৰাহুলৰ বাবে কংগ্ৰেছ ধ্বংস হ'ল" পুনৰ জ্যেষ্ঠ নেতাৰ দল ত্য়াগ…

assam exam mangaldai Assam police