অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত ভাস্কৰ জ্যোতি মহন্তৰ সংবাদ মেল...

পৰীক্ষাৰ্থীয়ে নিজৰ যোগ্যতাৰ ভিত্তিত নিযুক্তি লাভ কৰা বুলিও জনায়
Bhaskar jyoti mahanta
Bhaskar jyoti mahanta

ডিজিটেল ডেস্ক : দেওবাৰে ঘোষণা হোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ ফলাফল সন্দৰ্ভত সংবাদ মেলৰ আয়োজন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।  সঞ্চালক প্ৰধান গৰাকীৰ ভাষ্য অনুসৰি, অসম  আৰক্ষীত খালি আছিল মুঠ ৫,২৬২ টা পদ ।

যাৰ বাবে ৭,০৭,৩২৮ জনে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ৰাজ্যৰ ১৫ খন জিলাত অনুষ্ঠিত কৰা হৈছিল এই পৰীক্ষা । ইয়াৰে এ বি অৰ্থাৎ আৰ্মড ব্ৰাঞ্চৰ বাবে  অসম আৰক্ষীৰ ৫টা কৈ কমাণ্ডো বেটেলিয়েনৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে ভাস্কৰ জ্যোতি মহন্তই। এই নিযুক্তি পৰীক্ষাৰ ফলাফল পৰীক্ষাৰ্থী সকলে www. slpbr.com ৱেবচাইটত চাব পাৰিব বুলিও জনাই সঞ্চালক প্ৰধান গৰাকীয়ে।

এই পদসমূহৰ অসংৰক্ষিত পদ আছিল ৪১ শতাংশ, অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ২৭ শতাংশ, অনুসূচীত জাতিৰ বাবে ৭ শতাংশ, অনুসূচীত জনগোষ্ঠী (ভৈয়াম) ৰ বাবে ১০ শতাংশ আৰু অনুসূচীত জনগোষ্ঠী (পাহাৰ) ৰ বাবে ৫ শতাংশ পদ সংৰক্ষিত আছিল।

সঞ্চালক প্ৰধান গৰাকীৰ মন্তব্য অনুসৰি, বিগত বৰ্ষ সমূহত যি নিকা আৰু স্বচ্ছ ৰূপত হোৱা নিযুক্তিৰ দৰেই এই বিশেষ নিযুুক্তিৰ বাবেও অসম চৰকাৰে অত্যন্ত সাৱধানতা অৱলম্বন কৰিছিল । আৰু এইবাৰৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীয়ে নিজৰ যোগ্যতাৰ ভিত্তিত নিযুক্তি লাভ কৰা বুলিও জনায় ।

ইয়াৰ উপৰিও অহা ২২ ছেপ্তেম্বৰত সকলো উত্তীৰ্ণ প্ৰাৰ্থীক পুৱা ৯ বজাত খানাপাৰাৰ পশু চিকিৎসালয়ৰ খেলপথাৰত নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে উপস্থিত হ'বলৈ আহ্বান জনাই ভাস্কৰ জ্যোতি মহন্তই ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in