/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/bhaskar.jpg)
ডিজিটল সংবাদ, মায়ং: স্বাধীনতা আন্দোলনৰ সময়ত বৃটিছৰ ৰেল গাড়ী বগৰোৱা ঘটনাৰ মূল নায়ক স্বাধীনতা সংগ্ৰামী তথা মুক্তিযোদ্ধা মহদানন্দ দেৱ গোস্বামীৰ মৰিগাঁও জিলাৰ মায়ঙৰ দৈপৰাৰ বাসভৱনত আজি উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাষ্কৰ জ্যোতি মহন্ত।দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত আজি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান গৰাকী মুক্তিযোদ্ধা গৰাকীৰ বাসভৱনত উপস্থিত হৈ সমাধিত শ্ৰদ্ধা নিবেদন কৰা দিশটোৱে যথেষ্ট তাত্পৰ্য বহন কৰাৰ উপৰিও পৰিয়ালৰ লোক সকলো যথেষ্ট আনন্দ আৰু সুখ অনুভৱ কৰা পৰিলক্ষিত হৈছে।
কাৰণ মৃতুৰ ২২ বছৰ পিছতো আজিও চৰকাৰী ভাৱে অৱহেলিত আৰু অনাদৃত হৈ আছে মুক্তিযোদ্ধা গৰাকীৰ সমাধিস্থল।এগৰাকী মুক্তিযোদ্ধাৰ সমাধিস্থল যতন লোৱাৰ ক্ষেত্ৰত কি ৰজা ঘৰ কি প্ৰজা ঘৰ সকলোৱে যেন আজি পাহৰি পেলাইছে তেনে এখন ছবিহে দেখা গৈছে।দেশৰ বিভিন্ন প্ৰান্তত ঢাক ঢোল বজাই অমৃত মহোৎসৱ উদযাপন কৰা হৈছে যদিও মুক্তিযোদ্ধা মহদানন্দ দেৱ গোস্বামীৰ সমাধিত এতিয়া দুবৰি বন গজা পৰিলক্ষিত হৈছে। কাৰোৱেই যেন সময় নাই খৱৰ ল'বলৈ।
পানবাৰীত বৃটিছৰ ৰেল গাড়ী বগৰোৱা ঘটনাৰ কথা সকলোৱেই জানে।তেনে এজন স্বাধীনতা সংগ্ৰামীক আজিৰ প্ৰজন্মই পাহৰি যাবলৈ ধৰাটোও অত্যন্ত দুখৰ বিষয় হৈ পৰিছে।অৱশ্যে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই আজি বিয়লিৰ ভাগত সেই গৰাকী মুক্তিযোদ্ধাৰ ঘৰত উপস্থিত হৈ আৰক্ষীৰ জোৱান সকলৰ পৰা চালামি গ্ৰহণ কৰাৰ পিছতেই তেখেতৰ সমাধিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ভাষ্কৰ জ্যোতি মহন্তই।
তাৰ পিছতেই পুত্ৰ বোৱাৰী জীয়ৰী নাতি নাতিনীহঁতৰ লগতে পৰিয়ালৰ লোকক ফলমূলৰ টোপোলা , দুখন জাতীয় পতাকা আৰু গামোচাৰে সম্বৰ্ধনাও জনাই।ডি জি পি গৰাকীয়ে উপস্থিত থকা ৰাইজ আৰু ছাত্ৰ ছাত্ৰীৰ সন্মুখত বিপ্লৱী মহদানন্দ দেৱ গোস্বামীৰ সংগ্ৰামী জীৱনৰ কিছু ইতিহাস আৰু স্বাধীনতা আন্দোলনৰ সময়ত দেশ খনৰ বাবে সতীৰ্থ সকলৰ সতে কিদৰে নিজকে উৎসৰ্গিত কৰিছিল সেই কথা নতুন প্ৰজন্মই জনা উচিত বুলি নিজৰ চমু বক্তব্যত উল্লেখ কৰে।
নিজৰ মানুহ খিনিৰ আত্মবলিদানৰ কথা আজিৰ নতুনপ্ৰজন্মই জনাটো অত্যন্ত দৰকাৰী বুলিও প্ৰকাশ কৰে।তাৰ পিছতেই উপস্থিত থকা কণ কণ ছাত্ৰ ছাত্ৰী সকলকো একো খনকৈ পতাকা আৰু চকলেত বিতৰণ কৰে ডিজিপি গৰাকীয়ে।মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজ ন,অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱা, জিলাৰ অতিৰিক্ত উপায়ুক্ত, ৰাজহ চক্ৰ বিষয়া,জাগীৰোড আৰু মায়ং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সকলৰ উপস্থিতিত মুক্তিযোদ্ধা গৰাকীৰ পৰিয়ালৰ সতে কিছু সময় কটাই কথা বতৰা পাতে।ভাস্কৰ জ্যোতি মহন্তকো পৰিয়ালৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
উল্লেখযোগ্য যে আজি দিনৰ বাৰ বজালৈ পৰিত্যক্ত হৈ থকা সমাধিস্থল কেইটামান মূহুৰ্তৰ ভিতৰতে সাংঘাটিক পৰিবৰ্তন আহে।কাৰণ আবেলিৰ ভাগত যিহেতু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাষ্কৰ জ্যোতি মহন্ত সেই ঠাইত উপস্থিত হব সেয়ে কম সময়ৰ ভিতৰত সজাই পৰাই তোলা হল মুক্তিযোদ্ধাৰ সমাধিস্থল।এই ক্ষেত্ৰত ঝাৰগাঁও পঞ্চায়ত ৰ ফালৰ পৰা যথেষ্ট খিনি আজি উদ্যোগ লোৱা পৰিলক্ষিত হল।সভানেত্ৰী লক্ষ্মীমাই কেলেঙো উপস্থিত থাকে ।
আৰু পঢ়ক: আজাদী কা অমৃত মহোৎসৱক লৈ মানকাচৰ মীৰজুমলা হিফজুল কুৰআন ছিদ্দিকীয় মাদ্ৰাছাৰ সমদল যাত্ৰা