/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/9a2e2065-be42-4b23-9da8-14c8cc03a484.jpg)
ডিজিটেল সংবাদ, দৌলাশালঃবৰক্ষেত্ৰীৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান কৃতাঞ্জলি সাংস্কৃতিক গোষ্ঠীয়ে প্ৰতি বছৰে বৰক্ষেত্ৰীৰ এজন বিশিষ্ট সাংস্কৃতিক কৰ্মীক বৰক্ষেত্ৰী সাধন বঁটা প্ৰদান কৰি আহিছে ৷ এই বেলি সাংস্কৃতিক গোষ্ঠীটোৱে ভ্ৰাম্যমান থিয়েটাৰৰ কমেডি কিং তথা বৰক্ষেত্ৰীৰ সুযোগ্য সন্তান বিশিষ্ট অভিনেতা,নাট্যকাৰ,নাট-পৰিচালক ভাস্কৰ বৰ্মণক প্ৰদান কৰিছে বৰক্ষেত্ৰী সাধনা বঁটা ৷
যোৱা ২৭ বহাগ শনিবাৰে কৃতাঞ্জলি সাংস্কৃতিক গোষ্ঠীয়ে মুকালমুৱা পুজাৰ খোলাত অনুষ্ঠিত কৰা মুকলি বিহুত ভ্ৰাম্যমান জগতৰ বিশিষ্ট কৌতুক অভিনেতা,নাট্যকাৰ,নাট পৰিচালক ভাস্কৰ বৰ্মণক প্ৰদান কৰে বৰক্ষেত্ৰী সাধনা বঁটা ৷ উল্লেখযোগ্য যে কৃতাঞ্জলি সাংস্কৃতিক গোষ্ঠীয়ে বৰক্ষেত্ৰী অঞ্চলৰ কলা, সাহিত্য, সাংস্কৃতি, ইত্যাদিৰ লগত জড়িত থাকি বৰক্ষেত্ৰীলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা তেনে এজন বিশেষ ব্যক্তিক প্ৰতি বছৰে প্ৰদান কৰি আহিছে বৰক্ষেত্ৰী সাধনা বঁটা ৷
বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বৰতলাৰ নিকতবৰ্তী জাগেৰাপামৰ নিবাসী ভাস্কৰ বৰ্মণে সুদীৰ্ঘ দিন ধৰি অসমৰ ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰাৰ সমান্তৰালকৈ ভ্ৰাম্যমান থিয়েটাৰত স্বৰচিত বহু কেইখন নাট পৰিচালনা কৰিছে ৷ ভ্ৰাম্যমান থিয়েটাৰত ২৫ বছৰ অতিক্ৰম কৰা প্ৰচাৰ বিমুখ অভিনেতা,নাট্যকাৰ,নাট পৰিচালকজনে ভ্ৰাম্যমান থিয়েটাৰৰ সূৰ্য্য,ভাগ্যদেৱী,ৰাজমুকুট,জ্যোতিৰূপা,বৰদৈচিলা,মেঘদুত,মকুন্দ,শংকৰদেৱ,শংকৰমাধৱ ইত্যাদি নাট্য দ'ল সমুহত কেইবাটাও চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ বিপুল সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷
নাট পৰিচালক হিচাপেও পৰিচত ভাস্কৰ বৰ্মণে ভ্ৰাম্যমানত প্ৰেমৰ অন্তিম ছৱি,দাবী,তেজে ধোৱা অসম,আফগানিস্থান ইত্যাদি নাট সমুহ নিজেই পৰিচালনা কৰি নাটক কেইখন মঞ্চস্থ কৰিবলৈ সক্ষম হৈছে ৷ কৃতাঞ্জলি সাংস্কৃতিক গোষ্ঠীটোৰ সভাপতি নিপুল কলিতা আৰু সম্পাদক মৃদুল ডেকাই জানিবলৈ দিয়া মতে ২০১৭ চনত বৰক্ষেত্ৰী সাধনা বঁটা প্ৰদান কৰিছিল বৰক্ষেত্ৰীৰ লোকবাদ্য শিল্পী মহেন্দ্ৰ বড়োক ৷ ২০১৮ চনত এই বঁটা প্ৰদান কৰিছিল ওজাঁ শিল্পী কুমাৰ নিপেন হালৈক ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us