/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/eee-1.jpg)
ডিজিটেল সংবাদ, নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এগৰাকী কৰ্মোদ্যমী মহিলা । নাম ভাৰতী বনিয়া । ই ৰিক্সা চলাই পৰিয়াল পোহপালৰ চেষ্টা মহিলা গৰাকীৰ । নাৰায়ণপুৰৰ পিছলাগুৰি অঞ্চলৰ কৈলাস বনিয়াৰ পত্নী মহিলা গৰাকী এতিয়া অঞ্চলটোৰ বাবে হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰ বিন্দু ।
পকা মিস্ত্ৰী হিচাপে কৰ্মৰত স্বামীক সহায় কৰাৰ বাবেই এই কৰ্মত অৱতীৰ্ণ হোৱা দুটি সন্তানৰ মাতৃ মহিলা গৰাকী এতিয়া নিজ কৰ্মক লৈ খুবেই সুখী । ঘৰৰ যাৱতীয় কাম কাজ কৰি পুৱাই ই ৰিক্সাখন লৈ ওলাই যোৱা মহিলা গৰাকীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধলপুৰ চেন্টাৰৰ পৰা নাৰায়ণপুৰলৈ বুলি দৈনিক যাত্ৰা আৰম্ভ কৰে ।
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰিও নাৰায়ণপুৰ নগৰৰ পাৰ্শ্বৱৰ্তী অঞ্চল সমূহলৈও যাত্ৰী লৈ যাত্ৰা কৰে মহিলা গৰাকীয়ে । বেলি পৰাৰ লগে লগে পুনৰ ঘৰলৈ উভতি যোৱা মহিলা গৰাকী নিশাৰ ভাগত ভাড়া ওলালেও কোনো দিন ওলাই নাযায় । আন দহ গৰাকী মহিলাৰ বাবে আদৰ্শ হৈ পৰা কৰ্মোদ্যমী মহিলা গৰাকীৰ এতিয়া দৈনিক উপাৰ্জন ৭ শ টকাৰ পৰা হাজাৰ টকা ।
আৰু পঢ়ক: ইডি কাৰ্যালয়ত জেৰা ছোনিয়া গান্ধীক, প্ৰতিবাদত উত্তাল দেশ…