/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/47c01b5c-82b9-4f1b-98dd-581bc36251e0/rsss.jpg)
bharatmata pujan
ডিজিটেল ডেস্ক : গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক খেলপথাৰত ১ অক্টোবৰৰ পৰা ৪ তাৰিখৰলৈকে অনুষ্ঠিত কৰা হৈছে ভাৰতমাতা পূজন অনুষ্ঠান। ৪ দিনীয়াকৈ অনুষ্ঠিত কৰা এই ভাৰতমাতা পূজন অনুষ্ঠানৰ সোমবাৰে তৃতীয়টো দিন।
প্ৰজ্ঞাৰ উদ্যোগত অনুষ্ঠিত কৰা এই অনুষ্ঠানত ভাৰতীয় চহকী সভ্যতা সংস্কৃতিক নৱপ্ৰজন্ম তথা ৰাইজৰ আগত আগবঢ়াই দিয়াৰ এক প্ৰয়াসেৰে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
এই অনুষ্ঠানৰ দ্বিতীয় দিন অৰ্থাৎ ২ অক্টোবৰৰ দিনা বি.এছ.এফৰ জোৱান সকলে পৰিৱেশন কৰে দেশপ্ৰেমমূলক গীত। আনহাতে সত্ৰীয়া নৃত্যৰ শিল্পী বৰিষ দত্তৰ পৰিচালনাত সত্ৰীয়া নৃত্যৰ এটি নৃত্য অনুষ্ঠান পৰিৱেশন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/a69b5c37-745a-4e28-a582-259eb12d2946/222.jpg)
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি অংকীয়া নাট 'কেলি গোপাল'ৰ এটি অংকীয়া গীত 'মই কৃষ্ণ বুলি কৰো ভাৱনা'ত অভিনয় কৰাৰ লগতে গোপী নৃত্য পৰিৱেশন কৰা হয়। নৃত্য পৰিৱেশন কৰে চনিকা হাজৰিকা, হিমাদ্ৰী ৰেখা ভৰালী, জীমণি কছাৰী, ভায়োলিনা ডেকা, হিমাশ্ৰী দেৱী আৰু প্ৰাৰ্থনা দত্তই।
আনহাতে, তৃতীয় দিনৰ কাৰ্যসূচীত বহুকেইগৰাকী কণ্ঠশিল্পীয়ে অনুষ্ঠানত গীত পৰিৱেশন কৰে। আৰ.এছ.এছৰ অধীনৰ প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত গুৰু পূজন অনুষ্ঠানো অনুষ্ঠিত হয়। প্ৰায় ৮০ গৰাকী গুৰুক পূজা অৰ্চানা কৰা হয়।