আজিৰে পৰা অসমত কংগ্ৰেছৰ 'ভাৰত জোড়ো' যাত্ৰা...

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা অসমত কংগ্ৰেছৰ 'ভাৰত জোড়ো' যাত্ৰা...

ডিজিটেল ডেস্ক : ভাৰতীয় জাতীয় কংগ্ৰেছৰ সমগ্ৰ দেশতে অব্যাহত থকা 'ভাৰত জোড়ো যাত্ৰা' মঙলবাৰে আৰম্ভ হ'ব অসমতো । অসমৰ ধুবুৰী জিলাৰ পৰা আৰম্ভ হ'ব লগীয়া যাত্ৰাত সহযোগী হ'ব বহু কেইজন কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কংগ্ৰেছী নেতা । দিনৰ ১১ বজাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই এই যাত্ৰাৰ উদ্বোধন কৰি দিনটোৰ প্ৰথম কাৰ্যসূচীৰূপে অনুষ্ঠিত সভাত ৰাইজক উদ্দেশ্যি বক্তব্য প্ৰদান কৰিব । পৰৱৰ্তী সময়ত দিনৰ ১ বজাত আৰম্ভ কৰা হ'ব পদযাত্ৰা । এই পদযাত্ৰাৰো নেতৃত্বত থাকিব সভাপতি ভূপেন বৰা ।

Advertisment

উল্লেখ্য যে, অসমত ধুবুৰীৰ পৰা শদিয়ালৈ অনুষ্ঠিত হ'ব লগীয়া 'ভাৰত জোড়ো যাত্ৰা'ই সামৰি ল'ব প্ৰায় ৮৩৫ কিলোমিটাৰ পদযাত্ৰা । ইতিমধ্যেই বিভিন্ন ধৰ্মৰ উপাসনাস্থলীত সেৱা লৈ যাত্ৰাৰ বাবে সাজু হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ শীৰ্ষ বিষয়া সকল ।

apcc assam indian national congress