চাৰি শতাধিক নাচনী আৰু ঢুলীয়াই কঁপালে বঢ়মপুৰ ৰাজহুৱা খেলপথাৰ

চাৰি শতাধিক নাচনী আৰু ঢুলীয়াই কঁপালে বঢ়মপুৰ ৰাজহুৱা খেলপথাৰ

author-image
asomiyapratidin
New Update
চাৰি শতাধিক নাচনী আৰু ঢুলীয়াই কঁপালে বঢ়মপুৰ ৰাজহুৱা খেলপথাৰ

ডিজিটেল সংবাদ , বঢ়মপুৰ : বৃহত্তৰ বঢ়মপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ ব্যৱস্থাপনাত আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ মুখ্য পৃষ্ঠপোষকতাত ১৬ এপ্ৰিলৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বঢ়মপুৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা " অসম উৎসৱ" সোমবাৰে সফল সমাপ্তি ঘটে ।

Advertisment

বিগত তিনিদিন ধৰি হৈ থকা ঢোল, পেঁপা , গগনাৰ সুৰীয়া শব্দই বিহুৰ এক অন্যন্য পৰিৱেশ সৃষ্টি কৰাৰ লগতে সমগ্ৰ বঢ়মপুৰৰ আকাশ-বতাহ ৰজনজনাই তুলিলে । প্ৰথম দিনটোৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি শিৱ বর্মনে । ইয়াৰ পাছতে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় চাৰিশতাধিক জ্যেষ্ঠলোকক বিধায়ক জিতু গোস্বামীয়ে একোখনকৈ বিহুৱান প্ৰদান কৰি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে ।

১০ বজাত বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চাৰি শতাধিক জ্যেষ্ঠলোকৰ লগত দৈ , চিৰা আৰু গুৰেৰে বিধায়কগৰাকীয়ে একেলগে সামূহিক জলপান গ্ৰহণ কৰে । ১১ বজাত তিনিদিন ধৰি চলিব লগা অসমীয়া থলুৱা সামগ্ৰী , সাজ পাৰ , আ-অলংকাৰ , বাঁহ-বেত, মৃৎ শিল্প তথা জনজাতীয় সাজপাৰ আৰু থলুৱা খাদ্য-সামগ্ৰীৰ বাণিজ্য মেলাৰ শুভ উদ্বোধন কৰে বিধায়কগৰাকীয়ে ।

তাৰ পিছতেই বিয়লি ২ বজাত "তেজপুৰ থেছপিয়ান" দলে সুকীয়া বাদ্যযন্ত্ৰৰে বজাই প্ৰদৰ্শন কৰা বিভিন্ন ধৰণৰ নৃত্য আৰু বিহুৱে ৰাইজক মোহিত কৰি তোলে । তাৰ পাছতেই যোৱা ২৭ মাৰ্চৰ পৰা অনুশীলন কৰি থকা অঞ্চলৰ প্ৰায় চাৰি শতাধিক যুৱক-যুৱতী , চেমনীয়া আৰু বোৱাৰীসকলে একেলগে বঢ়মপুৰ ৰাজহুৱা খেলপথাৰৰ বাকৰিত বিহুনৃত্য প্ৰদৰ্শন কৰি সমগ্ৰ অঞ্চলটোৰ আকাশ বতাহ কঁপাই তুলি এক অন্যন্য মাত্ৰা প্ৰদান কৰে ।

সন্ধিয়ালৈ"হুৰাই লাহৰী ", "এনাজৰী" আদিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ আমন্ত্ৰিত বিহুদলৰ বিহুনৃত্য , লোকনৃত্য , লোকবাদ্য , জেংবিহু , হুঁচৰি আৰু বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হয় । নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠান পৰিৱেশন কৰা হয় । ১৭ এপ্ৰিলৰ দিনা অৰ্থাৎ কালি পুৱা ১০ বজাৰ পৰা দিনযোৰা কাৰ্য্যসূচীৰে চিত্ৰাংকন প্ৰতিযোগিতা, মহিলাসকলৰ পিঠা-পনা প্ৰতিযোগিতা , অসমীয়া কৃষ্টি-সংস্কৃতি বিষয়ক বিশেষ কুইজ প্ৰতিযোগিতা , ঢোলবাদন , পেঁপাবাদন , গগনাবাদন , বাঁহীবাদন , বিহুগীত আৰু একক বিহুনৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

সন্ধিয়ালৈ উক্ত অনুষ্ঠানসমূহৰ বিজয়ীসকলক নগদ ধন আৰু চাৰ্টিফিকেটৰে সম্বৰ্ধনা জনোৱা হয় । নিশালৈ " ৰঙালীৰ ৰং " শীৰ্ষক জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয় । নিশালৈ নেৰানেপৰা বৰষুন , ধুমুহা আৰু বিজুলী ঢেৰেকনিৰ মাজতো কালি হেজাৰ-হেজাৰ লোক অনুষ্ঠান উপভোগ কৰিবলৈ ওলাই আহিল । আজি অন্তিম দিনা বিয়লি ২ বজাৰ পৰা বিয়ানাম প্ৰতিযোগিতা , উৰুলি প্ৰতিযোগিতা ,অসমীয়া সাজ-পাৰ প্ৰতিযোগিতা , হুঁচৰি প্ৰতিযোগিতা আদি অনুষ্ঠিত হয় । নিশালৈ " ব'হাগ মাথো এটি ঋতু নহয় " শীৰ্ষক জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব ।

আৰু পঢ়ক: বকোত বনৰীয়া হাতীৰ সন্ত্ৰাস…

assam bihu