কুজি সত্ৰৰ ভৰালী, সুদক্ষ ভাৱৰীয়া, পাঠক কুঞ্জ ৰাম বৰুৱাৰ বিয়োগ

বটদ্ৰৱাৰ সমীপৱৰ্তী ঐতিহ্যমণ্ডিত কুজিসত্ৰ নিৱাসী কুঞ্জ ৰাম বৰুৱাৰ দেওবাৰে পুৱা নিজা বাসগৃহত বিয়োগ ঘটে। ৮০ বছৰীয়া বৰুৱা কিছুবছৰ ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।  

author-image
Asomiya Pratidin
New Update
কুঞ্জ ৰাম বৰুৱাৰ বিয়োগ

কুঞ্জ ৰাম বৰুৱাৰ বিয়োগ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ সমীপৱৰ্তী ঐতিহ্যমণ্ডিত কুজিসত্ৰ নিৱাসী কুঞ্জ ৰাম বৰুৱাৰ দেওবাৰে পুৱা নিজা বাসগৃহত বিয়োগ ঘটে। ৮০ বছৰীয়া বৰুৱা কিছুবছৰ ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।  ১৯৪৫ চনত জন্ম লাভ কৰা কুঞ্জ ৰাম বৰুৱাই হাইস্কুল শিক্ষা সাং কৰি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (Central Reserve Police Force)ত যোগদান কৰি দেশসেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰে।

অৱসৰৰ পিছত কুজিসত্ৰলৈ ঘুৰি আহি সত্ৰৰ বৈভৱময় সংস্কৃতিৰ লগত একাত্ম হৈ পৰে। শৈশৱৰ পৰা তেওঁ ভাওনাৰ সংস্কৃতিৰ লগত জড়িত হৈ, পাছত এজন সুদক্ষ ভাৱৰীয়া হিচাপে পৰিচিত হোৱাৰ উপৰিও সত্ৰৰ ভৰলী দ্বায়িত্বভাৰ গ্ৰহণ কৰিছিল। বাকপটু কুঞ্জ ৰাম বৰুৱা হাস্য ব্যংগ কথন শৈলীৰ বাবে জনপ্ৰিয় আছিল। অঞ্চলৰ প্ৰতিটো ভাগৱত পাঠ অনুষ্ঠানত অংশ গ্ৰহণ কৰি সুন্দৰ পাঠক হিচাপে জনপ্ৰিয় কুঞ্জ ৰাম বৰুৱাৰ মৃত্যুত নৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীকে প্ৰমুখ্য কৰি ভকত বৈষ্ণৱ, আইমাতৄ সকল, বটদ্ৰৱা শলগুৰি, নৰোৱা সত্রৰ ভকত-বৈষ্ণৱ সকলে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ এজন পুত্ৰ, বোৱাৰী, এগৰাকী জীয়ৰী, জোৱাই, ভতিজা, নাতি নাতিনীসহ বহু আত্মীয় স্বজনক এৰি থৈ যায়।

বটদ্ৰৱা