নুমলীগড়ৰ মৰঙী সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাক লৈ ব্যাপক প্ৰস্তুতি...

পুৰুষ-মহিলা ওলাই আহিছে নৰা কাটিবলৈ । দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত সমগ্ৰ অঞ্চলটো।
নুমলীগড়ৰ মৰঙী সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাক লৈ ব্যাপক প্ৰস্তুতি...

ডিজিটেল সংবাদ, নুমলীগড় : আগন্তুক ২০২৩ বৰ্ষৰ জানুৱাৰী মাহৰ ২৬ তাৰিখৰ পৰা মৰঙীৰ পানীকৰা গাওঁৰ পুষ্প বিলাস সমন্বয় ক্ষেত্ৰত আৰোহণ যুৱ সংঘৰ উদ্যোগত গোলাঘাট বাসীৰ সহযোগত ১৪ দিনীয়াকৈ আয়োজন কৰিছে এই ভাওনা প্ৰতিযোগিতা ।

যাক লৈ এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে মৰঙী বাসীৰ লগতে গোলাঘাট বাসী । পুৰুষ ৰ সমান্তৰাল ভাৱে মহিলা সকলো ব্যস্ত হৈ পৰিছে ভাওনা প্ৰতিযোগিতা খনৰ বাবে । ইতিমধ্যেই ভাওনা সমাৰোহৰ লাই খুটা স্থাপন হৈ যোৱাৰ পিছতে ভক্তপ্ৰাণ বৈষ্ণৱক আদৰিবলৈ আপ্যায়ন কৰিবলৈ ব্যস্ত হৈ আছে পুৰুষ মহিলা সকলো । মহিলা সকল ওলাই আহিছে সমাৰোহ স্থলীলৈ । কামৰ মাজতে হৰি নামৰ ধ্বনিৰে মুখৰিত কৰি তুলিছে অঞ্চলটো।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in