/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/agrani-batory.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যৰ শিক্ষা বিভাগে ঘোষণা কৰিলে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ তালিকা। মুঠ ২২ গৰাকী শিক্ষকে এইবাৰ লাভ কৰিছে কৃতী শিক্ষকৰ বঁটা। সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব এই বঁটা। অসমৰ কোনকেইখন জিলাৰ কোন কোন শিক্ষকে ২০২২ বৰ্ষৰ কৃতী শিক্ষকৰ বঁটা লাভ কৰিছে তাৰ এখন তালিকা তলত উল্লেখ কৰা হ'ল।
মাধ্যমিক শিক্ষাত শিৱসাগৰ জিলাৰ অমৰজ্যোতি বৰঠাকুৰ, মনোমোহন দেৱ নাথ, লখিমপুৰৰ অনিৰুদ্ধ ফুকন, ধেমাজিৰ বন্দনা হাজৰিকা, কাছাৰৰ নিৰুপম নাথ, গোৱালপাৰাৰ ছজিমুদ্দিন আহমেদ, দৰঙৰ অৰুণ চন্দ্ৰ নাথ, বিশ্বনাথৰ জগদীশ চন্দ্ৰ শৰ্মা, গোলাঘাটৰ চিদানন্দ পাঠক, ধেমাজিৰ সুনিল কোচ, ডিব্ৰুগড়ৰ উদয় শংকৰ গগৈ, বঙাইগাঁৱৰ মীনাকুমাৰী মণ্ডল আৰু নলবাৰী জিলাৰ নৃপেন দত্তই লাভ কৰিছে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/11111-662x1024.jpg)
উচ্চ প্ৰাথমিকত শোণিতপুৰৰ দশমুকুট কেওট আৰু বঙাইগাওঁ জিলাত মহম্মদ য়াছিন আনছাৰিয়ে লাভ কৰিছে কৃতী শিক্ষকৰ বঁটা।
আনহাতে নিম্ন প্ৰাথমিকত বিশ্বনাথ জিলাৰ ৰিছু ইংতি, কামৰূপত সৰস্বতী দত্ত, লখিমপুৰত অঞ্জনা কোচ, ডিব্ৰুগড়ত দিপালী ডেকা, চৰাইদেউত জীতেন দাস, দৰঙত কুসুম হাজাৰিকা আৰু কামৰূপত মৃগেন্দ্ৰ কলিতাই লাভ কৰিছে এইবাৰৰ কৃতী শিক্ষকৰ বঁটা।