নগাঁৱৰ দেৱজিতলৈ বেষ্ট অডিঅ’গ্ৰাফী এৱাৰ্ড…

নগাঁৱৰ দেৱজিতলৈ বেষ্ট অডিঅ’গ্ৰাফী এৱাৰ্ড…

author-image
asomiyapratidin
New Update
নগাঁৱৰ দেৱজিতলৈ বেষ্ট অডিঅ’গ্ৰাফী এৱাৰ্ড…

ডিজিটেল সংবাদ ,নগাঁও : নগাঁৱৰ বঢ়মপুৰৰ দেৱজিৎ গায়নলৈ আগবঢ়োৱা হৈছে বেষ্ট অডিঅ'গ্ৰাফী এৱাৰ্ড ৷ মনিপুৰ ষ্টেট ফ্লিম ডেভলপমেন্ট চ'চাইটিয়ে আগবঢ়াইছে এই সন্মান ৷

" Eikhoigi Yum" নামৰ চলচিত্ৰখনৰ বাবে দেৱজিৎ গায়নে এই সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে ৷ ইতিপূৰ্বে ৰাষ্ট্ৰীয় পৰ্যায়ত একাধিক সন্মান বুটলিবলৈ সক্ষম হোৱা নগাঁৱৰ দেৱজিতে মনিপুৰৰ পৰা সন্মান লাভ কৰিবলৈ সক্ষম হোৱা Eikhongi Yum নামৰ চিনেমাখনি মনিপুৰী ভাষাৰ ৷

মনিপুৰী ভাষাত প্ৰথম চিনেমাৰ কাম কৰিয়ে সন্মান লাভ কৰিবলৈ সক্ষম হয় দেৱজিৎ ৷ মাছমৰীয়া পৰিয়াল এটিৰ জীৱন গাঁথাক লৈ চিনেমাখনি নিৰ্মান কৰা হৈছে ৷ মনিপুৰ ষ্টেট ফ্লিম ডেভলপমেন্ট চ'চাইটিয়ে আয়োজন কৰা ১৪ সংখ্যক মনিপুৰ ষ্টেট ফ্লিম এৱাৰ্ড অনুষ্ঠাত দেৱজিতে অডিঅ'গ্ৰাফীৰ কাম কৰা চলচিত্ৰখনে শ্ৰেষ্ঠ চলচিত্ৰ বঁটা , শ্ৰেষ্ঠ সম্পাদনা , শ্ৰেষ্ঠ শিশু অভিনেতা , শ্ৰেষ্ঠ কলা নিদেৰ্শনা বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে ৷

৯ এপ্ৰিল শণিবাৰে দেৱজিতে বিয়লি ৩ বজাত মনিপুৰৰ ইম্ফলত বেষ্ট অডিঅ'গ্ৰাফী বঁটা গ্ৰহণ কৰিব ৷ মোম্বাই ইন্টাৰনেশ্যনেল ফ্লিম ফেষ্টিভেললৈকো নিৰ্বাচিত হৈছে এই মনিপুৰী চলচিত্ৰখনি ৷

আৰু পঢ়ক:নগাঁৱৰ ধূপগুৰিত আমীৰে শ্বৰীয়ত, আমীৰে নদুৱাতুত তামীৰ আলহাজ হজৰত মৌলানা ইউচুফ আলী…

nagaon assam