বকোত লামডিং আৰক্ষীৰ বঙালী নেতাক গ্ৰেপ্তাৰ

বঙালী নেতা এগৰাকীক লামডিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি কামৰূপ জিলাৰ বকোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

author-image
Asomiya Pratidin
New Update
বকোত লামডিং আৰক্ষীৰ বঙালী নেতাক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,বকো : বঙালী নেতা এগৰাকীক লামডিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি কামৰূপ জিলাৰ বকোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনাৰ বিৱৰণী মতে সদৌ অসম বাঙালী পৰিষদ নামৰ সংগঠন এটাৰ কামৰূপ জিলা সমিতিৰ সভাপতি সঞ্জয় সৰকাৰক দেওবাৰে পুৱতি নিশা লামডিং আৰক্ষীয়ে বকো থানাৰ অন্তৰ্গত পুঠিমাৰী গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে ।

Advertisment

জানিবপৰা মতে বাঙালী নেতা গৰাকীয়ে কোনোবা অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে সামাজিক মাধ্যমত মন্তব্য দিছিল । সেই ব্যক্তিগৰাকীয়ে বাঙালী নেতা সঞ্জয় সৰকাৰ বিৰুদ্ধে দিয়া এজাহাৰৰ ভিত্তিত বাঙালী নেতাগৰাকীক লামডিং আৰক্ষীয়ে বকো আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰি লামডিংলৈ লৈ যায় । লামডিং আৰক্ষীয়ে বাঙালী নেতাগৰাকীক ন্যায়ালয়ৰ জৰিয়তে আজিয়ে হোজাই জে'ললৈ প্ৰেৰণ কৰে ।

সততে দুখ-দুৰ্যোগৰ সময়ত মানুহৰ কাষত থিয় হোৱাৰ উপৰিও সমাজিক সমস্যাত মাতমাতি অহা বঙালী নেতা সঞ্জয় সৰকাৰ নিশাৰ ভাগত গভাইত চোৰ-ডকাইতৰ দৰে লামডিং আৰক্ষীয়ে হেণ্ডকাফ লগাই লামডিংলৈ নিয়াত সমাজ-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

আৰক্ষীয়ে ক্ষমতাৰ সম্পূৰ্ণ অপব্যৱহাৰ কৰি সমাজৰ স্বাৰ্থত মাতমাতি অহা নেতাগৰাকীক এনেদৰে হেণ্ডকাফ লগাই নিয়াতো ৰাইজে মুঠেই সহজভাৱে ল'ব কৰিবপৰা নাই । বাঙালী নেতাগৰাকীয়ে সামাজৰ বিষম্বাদী চক্ৰৰ বিৰুদ্ধে সবল ভাবে মাতমাতি অহাত কিছুদিনৰে পৰা বিভিন্ন চক্ৰৰ চকুৰকুটা দাঁতৰশাল হৈ পৰিছিল । বিভিন্ন পক্ষই আৰক্ষীৰ ওচৰত বাঙালী নেতা সঞ্জয় সৰকাৰ মুক্তিৰ দাবী জনাইছে ।

assam arrested BOKO