/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/beltola.jpg)
ডিজিটেল সংবাদ : গুৱাহাটীৰ বেলতলাৰ শংকৰদেৱ শিশু নিকেতনত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় আচাৰ্য-আচাৰ্যাৰ স্নেহ সন্মিলন । গুৱাহাটীৰ ১৪ খন নিকেতনৰ চাৰিশৰো অধিক আচাৰ্য-আচাৰ্যাই অংশগ্ৰহণ কৰে এই সন্মিলনত । মানৱ কল্যাণৰ অৰ্থে শিক্ষাক সুসমৃদ্ধ কৰিবলৈ এই সন্মিলনত সমূহীয়াভাবে সংকল্পবদ্ধ হয় এইসকল শিক্ষাগুৰু ।
গীত, নৃত্য, আলেখ্য আদিৰে পুৱাৰে পৰা মুখৰিত হৈ থকা সন্মিলনখনিত ব্ৰহ্মাজী ৰাও, বশিষ্ঠ বুজৰবৰুৱা আৰু ছেবাৰ অধ্যক্ষ ৰমেশ জৈনকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে আগবঢ়ায় বহুমূলীয়া ভাষণ । অৱসৰপ্ৰাপ্ত আচাৰ্য-আচাৰ্যাসকললৈ সন্মান প্ৰদৰ্শনৰ এক বিশেষ কাৰ্যসূচীও ৰূপায়ন কৰা হয় সন্মিলনস্থলীত । লগতে স্বাধীনতাৰ অমৃত মহোৎসৱ শীৰ্ষক এক বক্তৃতা প্ৰতিযোগিতাও অনুষ্ঠিত হয় আচাৰ্য-আচাৰ্যাসকলৰ মাজত ।
আৰু পঢ়ক : মানকাচৰ জিলা আৰু সত্ৰ ন্যায়িক আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান, ২ বাংলাদেশীক ৫ বছৰৰ কাৰদণ্ড…