বিহালী বিধান সভা সমষ্টিৰ বিহালী আৰু বাঘমৰা উন্নয়ন খণ্ডত মনোনয়ন দাখিল কৰিবলৈ ভিৰ

আজি বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বিহালী উন্নয়ন খণ্ডত পুৱা ১০ বজাৰ পৰা  সন্ধিয়া ৬-৩০ বজালৈকে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া অব্যাহত থাকে৷

author-image
Asomiya Pratidin
New Update
বিহালী বিধান সভা সমষ্টিৰ বিহালী আৰু বাঘমৰা উন্নয়ন খণ্ডত মনোনয়ন দাখিল কৰিবলৈ ভিৰ

ডিজিটেল সংবাদ বিহালীঃ  আজি ৰাজ্যৰ প্ৰখম পৰ্যায়ৰ তিনি তৰপীয়া পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া অব্যাহত আছে ৷ আজি ৰাজ্যৰ আন বিধান সভা সমষ্টিৰ সমান্তৰালভাৱে ৭১ নং বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বিহালী উন্নয়ন খণ্ডত পুৱা ১০ বজাৰ পৰা  সন্ধিয়া ৬-৩০ বজালৈকে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া অব্যাহত থাকে৷

Advertisment

তথ্য অনুসৰি বিহালী বিধান সভা সমষ্টিৰ বিহালী উন্নয়ন খণ্ড কাৰ্যালয়ত বিহালী উন্নয়ণ খণ্ডৰ অন্তৰ্গত ১৫ খন গাওঁ পঞ্চায়তৰ ক্ৰমে বটিয়ামাৰী গাওঁ পঞ্চায়তৰ ১৪ গৰাকী, নিজবিহালী গাওঁ পঞ্চায়তৰ -১২ গৰাকী, বৰালিমৰা গাওঁ পঞ্চায়তৰ -৯ গৰাকী, চেৰেলীয়া গাওঁ পঞ্চায়তৰ -৬গৰাকী, ৰঙাগড় গাওঁ পঞ্চায়তৰ -৮ গৰাকী, বিহমাৰী গাওঁ পঞ্চায়তৰ -৪ গৰাকী,  টকৌবাৰী গাওঁ পঞ্চায়তৰ ১১ গৰাকী,  টেলেঙ্গনীয়া গাওঁ পঞ্চায়তৰ -১০ গৰাকী, বৰগাং গাওঁ পঞ্চায়তৰ -৭ গৰাকী, গাংমৌথান গাওঁ পঞ্চায়তৰ -৭ গৰাকী, কেঁ‌কুৰিজান গাওঁ পঞ্চায়তৰ -৬ গৰাকী, বালিজান গাওঁ পঞ্চায়তৰ -৭ গৰাকী, আমজাৰণি গাওঁ পঞ্চায়তৰ ৯ গৰাকী আৰু নলনীবাৰী-৪ গৰাকী ৱাৰ্ড সদস্যই মনোনয়ন দাখিল কৰে।

ইপিনে বিহালী বিধান সভা সমষ্টিৰ বাঘমৰা উন্নয়ন খণ্ড এলেকাৰ ৬ খন পঞ্চায়তৰ ক্ৰমে ৰতোৱা গাওঁ পঞ্চায়ত ,বৰজাৰণি গাওঁ পঞ্চায়ত মোনাবাৰী গাওঁ পঞ্চায়ত ,জৰাবাৰী গাওঁ পঞ্চায়ত ,জিনজিয়া গাওঁ পঞ্চায়ত ,তিনিসুঁতি গাওঁ পঞ্চায়ত  মুঠ ৬৮ গৰাকীৰ মনোনয়ন দাখিল কৰে। উল্লেখযোগ্য বৃহস্পতিবাৰৰ দিনটোত বিহালী আৰু বাঘমৰা উন্নয়ন খণ্ডৰ এগৰাকীও আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আৰু জিলা পৰিষদ সদস্য পদৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰা নাই।

আনহাতে গহপুৰত দুগৰাকী জিলা পৰিষদ সদস্য পদৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে।  এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰু আন গৰাকী নিৰ্দলীয় প্ৰাৰ্থী৷ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল-- বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱালে সংবাদ মাধ্যমৰ সন্মুখত কয় যে, সম্প্ৰতি বিহালীৰ ৰাজনীতিত বিৰোধী কংগ্ৰেছ দিশহাৰা হৈছে ৷ বৰ্তমান সময়ত কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে প্ৰাৰ্থী বিচাৰি পোৱা নাই ৷  

বিধায়ক দিগন্ত ঘাটোৱালে কয় যে সদ্য অনুষ্ঠিতৱ্য গাওঁ পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ সমৰ্থিত বহু প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দিতাৰে জয়ী হ'ব ৷ বিধায়ক ঘাটোৱালে দাবী কৰে যে বিহালী বিধান সভা সমষ্টিত বিনা প্ৰতিদ্বন্দিতাৰে জিলা পৰিষদ ,আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীও জয়যুক্ত হ'ব৷

পঞ্চায়ত নিৰ্বাচন বিহালী সমষ্টি