বিহালীত প্ৰচাৰ চলাবলৈ আহি বিৰোধী প্ৰাৰ্থী জয়ন্ত বৰাৰ প্ৰসংগত মৌনতা বিধায়ক মানৱ ডেকাৰ...

সাংবাদিকৰ প্ৰশ্নৰো সঠিক উত্তৰ নিদিলে বিধায়ক ডেকাই

author-image
Asomiya Pratidin
New Update
বিহালীত প্ৰচাৰ চলাবলৈ আহি বিৰোধী প্ৰাৰ্থী জয়ন্ত বৰাৰ প্ৰসংগত মৌনতা বিধায়ক মানৱ ডেকাৰ...

বিহালীত প্ৰচাৰ চলাবলৈ আহি বিৰোধী প্ৰাৰ্থী জয়ন্ত বৰাৰ প্ৰসংগত মৌনতা বিধায়ক মানৱ ডেকাৰ...

ডিজিটেল সংবাদ বিহালীঃ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিহালী বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আজি লখিমপুৰৰ বিজেপি বিধায়ক মানৱ ডেকাই সাংবাদিকৰ প্ৰশ্নত কোনো সঠিক উত্তৰ নিদি আঁতৰি যোৱাহে পৰিলক্ষিত হয়। বিহালী সমষ্টিত বিজেপিয়ে সৰ্ব শক্তি প্ৰয়োগ কৰি নিৰ্বাচনী প্ৰচাৰত জপিয়াই পৰিছে।

Advertisment

মন্ত্ৰী পীযুষ হাজৰীকাৰ নেতৃত্বত সমষ্টিটোত কেইবাজনো মন্ত্ৰী, বিধায়কে মাৰথন প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। তাৰ মাজতেই আজি সমষ্টিটোৰ কেইবাটাও স্থানত প্ৰচাৰত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হিচাপে পৰিচিত মানৱ ডেকা।

ডেকাক আজি সাংবাদিকে বিৰোধী প্ৰাৰ্থী জয়ন্ত বৰাৰ প্ৰসংগত প্ৰশ্ন কৰাত মৌনব্ৰতহে পালন কৰা পৰিলক্ষিত হয়। তাৰোপৰি তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ বিপৰীতে ৰাইজৰ লগত কথা পাতিবলৈ দিয়ক বুলি কৈ সাংবাদিকৰ কাষৰ পৰা আঁতৰি যায়।

জয়ন্ত বৰাৰ প্ৰসংগত কৰা এক প্ৰশ্নৰ উত্তৰত বিধায়ক ডেকাই কয়, মৌন একো নকও। প্ৰাৰ্থী জন প্ৰকৃত কংগ্ৰেছী নহয়। সমষ্টিটোলৈ প্ৰচাৰ চলাবলৈ অহাৰ প্ৰসংগত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত মানৱ ডেকাই সাংবাদিককহে প্ৰশ্ন কৰি কয়, আপুনি কিয় গাঁৱে ভূঞে হাতত কেমেৰা লৈ ঘূৰি আছে? কাৰণ আপুনি এজন সাংবাদিক। খবৰ দিয়া আপোনাৰ দায়িত্ব। আপুনি ঘৰত শুই থকা নাই। মই ৰাজনৈতিক ব্যক্তি। নিৰ্বাচনত প্ৰচাৰ চলোৱাটো মোৰ দায়িত্ব। সেয়ে মই ইয়াত ঘূৰি আছো। শংকিত অথবা অশংকিত বুলি কথা নাই।

ইফালে লোকসভা নিৰ্বাচনৰ ফলাফলৰ কথা সোঁৱৰাই তেওঁক বিহালী বিধানসভা সমষ্টিও যোৰহাট লোকসভা সমষ্টিৰ দৰেই হ'ব নেকি বুলি কৰা এক প্ৰশ্নৰ উত্তৰত ডেকাই কয়, সেয়া মোক কিয় সুধিছে? মোক ৰাইজৰ লগত কথা পাতিবলৈ দিয়ক। এইদৰে কৈ ডেকাই সাংবাদিকৰ কাষৰ পৰা ফালৰি কাতে।

উল্লেখ্য যে, বিহালী বিধানসভা সমষ্টি এতিয়া ৰাজ্যিক বিজেপিৰ দ্বিতীয় কাৰ্যালয়লৈ পৰিণত হৈছে। দলটোৰ প্ৰায়বোৰ সকলো শীৰ্ষ নেতাই এতিয়া বিহালীত বাহৰ পাতিছে। সমষ্টিটোৰ ঠায়ে ঠায়ে শাসকীয় দলটোৰ বিধায়ক, মন্ত্ৰীসকলে ধাৰাবাহিক প্ৰচাৰ অব্যাহত ৰাখিছে।

Also Read: গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে ভাৰতত স্পেইনৰ প্ৰধানমন্ত্ৰীঃ মুম্বাইত দীপাৱলী উদযাপন...

মানৱ ডেকা বিজেপি জয়ন্ত বৰা বিহালী