Advertisment

নিজ ৱাৰ্ডতে হাৰিল জয়ন্ত, ভোট নিদিয়াকৈ জিকিল দিগন্তঃ NOTA ত হাৰিল অনন্ত

সদ্য ঘোষিত বিহালী উপ নিৰ্বাচনৰ ফলাফল শাসক-বিৰোধী দুয়োটা দলৰ বাবে অতিগুৰুত্বপূৰ্ণ ৰাজনৈতিক বিষয় হিচাপে পৰিগণিত হৈ ৰ'ল৷ বিশেষকৈ বিৰোধী দল কংগ্ৰেছ মিত্ৰজোঁটৰ বাবে এই ফলাফল হ'ব অতি গুৰুত্বপূৰ্ণ ৷

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
বিহালী

নিজ ৱাৰ্ডতে হাৰিল জয়ন্ত, ভোট নিদিয়াকৈ জিকিল দিগন্তঃ NOTA ত হাৰিল অনন্ত

ডিজিটেল সংবাদ বিহালীঃ সদ্য ঘোষিত বিহালী উপ নিৰ্বাচনৰ ফলাফল শাসক-বিৰোধী দুয়োটা দলৰ বাবে অতিগুৰুত্বপূৰ্ণ ৰাজনৈতিক বিষয় হিচাপে পৰিগণিত হৈ ৰ'ল৷ বিশেষকৈ বিৰোধী দল কংগ্ৰেছ মিত্ৰজোঁটৰ বাবে এই ফলাফল হ'ব অতি গুৰুত্বপূৰ্ণ ৷

Advertisment

মাউখে উটিলে যে গুৰি পৰুৱাৰো মৰণ নাই সেই কথাকে প্ৰমাণিত কৰিছে বিহালী উপ নিৰ্বাচনৰ ফলাফলৰ তথ্যই৷ শাসকীয় বিজেপি দল তথা মুখ্যমনেত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বত আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ পৰ্যবেক্ষণত প্ৰায় কুৰিজনৰো অধিক বিধায়ক-মন্ত্ৰী আৰু সাংসদে ঐক্যৱদ্ধভাৱে বিহালী দখলত ৰখাৰ বাবে কৰা ৰাজনৈতিক সমপৰ্ণমূলক সেৱা, কাম-কাজৰ ফলত বিহালীত উৰিল বিজেপি দলৰ বিজয় ধ্বজ্জা ৷

বিপৰীতে বিৰোধী মিত্ৰজোঁটৰ আঁহফলা নীতি আৰু বাগি কুঠাৰ মৰা ৰাজনীতিৰ ফলত বিহালীত পৰাজয়ৰ সন্মুখীন হ'ল বিৰোধী কংগ্ৰেছ দল৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল বিহালী উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ নিজ গাওঁ পঞ্চায়ত হ'ল খৰাশিমলু ৷

খৰাশিমলু গাওঁ পঞ্চায়ত এলেকাত বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালে ২৮৩৪ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰিলে ২৪১৮ টা ভোট। আনহাতে বিহালী সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত খৰাশিমলুৰ গাওঁ পঞ্চায়তৰ ১৪৭ নং ৱাৰ্ডটো হ'ল কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ নিজা ৱাৰ্ড। য'ত বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত ঘাটেৱালে ২৬৯ টা ভোট লাভ কৰাৰ বিপৰীতে জয়ন্ত বৰাই ২৪৩ টা ভোট লাভ কৰিৱলৈ সক্ষম হয়।

অৰ্থাৎ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই নিজ ৱাৰ্ডতে ২৬ টা ভোটত পৰাজয় বৰণ কৰে৷ বিপৰীতে বিহালী সমষ্টিত ভোটাধিকাৰ নথকা হেতুকে বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে নিজক ভোট নিদিয়াকৈ বিহালী উপ নিৰ্বাচনত বিজয় হাঁহি মাৰিবলৈ সক্ষম হ'ল ৷

যদিও ধাৰণা কৰা হৈছিল যে, কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই নিজ গাওঁ পঞ্চায়ত খৰাশিমলুত গৰিষ্ঠ সংখ্যক ভোট লাভৰে বিজেপি প্ৰাৰ্থী গৰাকীতকৈ অধিক ভোটৰে অগ্ৰগতি লাভ কৰিব কাৰ্যত তাৰ ওলোটা প্ৰতিচ্ছবি দেখা গ'ল৷ হয়তো বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ঘূৰি ফুৰি অৱশেষত ৰাতিটোৰ ভিতৰতে সাংসদ গৌৰৱ গগৈৰ বোকোচাত উঠি ক্ষমতা হস্তগত কৰাৰ ৰাজনীতিত বিটুষ্ঠ হৈ নিজ গাওঁ পঞ্চায়তৰ ভোটাৰে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক ভোট প্ৰদান কৰাত কৃপনালী কৰিলে৷

আনহাতে সদ্য ঘোষিত বিহালী উপ নিৰ্বাচনত আপ প্ৰাৰ্থী অনন্ত গগৈতকৈ ন'টাই অধিক ভোট লাভ কৰা পৰিলক্ষিত হ'ল৷ কাৰ্যত বিহালীৰ ভোটাৰ ৰাইজে আপ প্ৰাৰ্থী অনন্ত গগৈৰ নিৰ্বাচনী ৰাজনীতি আলেখ-লেখ ,গতি -বিধিতকৈ ন'টাত ভোট দান কৰাই শ্ৰেয় বুলি বিবেচনা কৰিলে৷

উল্লেখ্যোগ্য যে আপৰ প্ৰাৰ্থী অনন্ত গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰি চাৰিদিন মান বিহালীৰ বিভিন্ন এলেকাত ঘূৰি পকি এখন অনুষ্টুপীয়া সংবাদ মেল সম্বোধন কৰি নিৰ্বাচনী পথাৰৰ পৰা অন্তৰ্ধান হৈ পৰিল৷ তাৰপিছতো আপ প্ৰাৰ্থী অনন্ত গগৈয়ে  ১২১৭ টা ভোট লাভ কৰাৰ বিপৰীতে ন'টাত  ১৫১৪ টা ভোট পৰা দেখা গ'ল৷

উপ নিৰ্বাচন বিহালী