দ্বিতীয় বৃন্দাবনলৈ পৰিণত হ'ল ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ চৌহদ...

নৱাগত আদৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰীসকলে কেলি গোপাল নাটৰ আধাৰত সাৱলীল ৰূপত উপস্থাপন কৰে এই ৰাসলীলা

author-image
Asomiya Pratidin
New Update
দ্বিতীয় বৃন্দাবনলৈ পৰিণত হ'ল ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ চৌহদ...

bebejiya rass

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ বেবেজীয়াৰ স্ত্ৰী শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰীসকলে শনিবাৰে বিয়লি প্ৰদৰ্শন কৰে শ্ৰীকৃষ্ণৰ ৰাসলীলা। বিদ্যালয়ৰ নৱাগত আদৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰীসকলে কেলি গোপাল নাটৰ আধাৰত সাৱলীল ৰূপত উপস্থাপন কৰে এই ৰাসলীলা ।

Advertisment

দুদিনীয়াকৈ বিস্তৃত কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হোৱা বিদ্যালয়খনৰ নৱাগত আদৰণি অনুষ্ঠানৰ আজি সামৰণি অনুষ্ঠান উপলক্ষ্যে অনুষ্ঠিত ৰাসলীলা উদ্ধোধন কৰে বিধায়ক ৰূপক শৰ্মাই।

বিগত এপষেকৰো অধিক দিন আখৰা কৰাৰ পিছত নাৰায়ণ হাজৰিকাৰ পৰিচালনাত সফলতাৰে মঞ্চস্থ হয় ৰাসলীলাখনি । বৃহত্তৰ বেবেজীয়া অঞ্চলৰ পাঁচ সহস্ৰাধিক লোকে উপভোগ কৰে এই ৰাসলীলা ।

ইপিনে আজি পুৱাৰ ভাগত বিভিন্ন গীত-মাতৰ অনুষ্ঠানো ৰূপায়িত হোৱাৰ লগতে শুকুৰবাৰে বিদ্যালয়ৰ "উড়ান" নামৰ এখন হাতেলিখা আলোচনী আৰু প্ৰাচীৰ পত্ৰিকাও উন্মোচন কৰা হয় ।

assam school bebejiya rasleela