জাগীয়ালত শ্ৰীকৃষ্ণৰ ৬৪ তম্ ৰাসোৎসৱৰ আয়োজন...

জাগীয়াল ৰাজহুৱা ভৱন আৰু কৃষ্টি বিকাশ কেন্দ্ৰ পৰিচালনা সমিতিৰ উদ্যোগত শ্ৰীকৃষ্ণৰ ৬৪ তম্ বাৰ্ষিক ৰাসোৎসৱটি অহা ৭, ৮ আৰু ৯ নৱেম্বৰত আয়োজন কৰা হৈছে

author-image
Asomiya Pratidin
New Update
জাগীয়ালত শ্ৰীকৃষ্ণৰ ৬৪ তম্ ৰাসোৎসৱৰ আয়োজন...

bebejiya rass

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ কলং নদীৰ পাৰৰ জাগীয়াল ৰাজহুৱা ভৱন আৰু কৃষ্টি বিকাশ কেন্দ্ৰ প্ৰাংগণত এক নৈসৰ্গিক পৰিৱেশৰ মাজত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো জাগীয়াল ৰাজহুৱা ভৱন আৰু কৃষ্টি বিকাশ কেন্দ্ৰ পৰিচালনা সমিতিৰ উদ্যোগত শ্ৰীকৃষ্ণৰ ৬৪ তম্ বাৰ্ষিক ৰাসোৎসৱটি অহা ৭, ৮ আৰু ৯ নৱেম্বৰত আয়োজন কৰা হৈছে ৷

Advertisment

কাৰ্যসূচী অনুসৰি প্ৰথম দিনা সন্ধিয়া ভাগৱত পাঠ, খোল প্ৰসংগ আৰু নাম-প্ৰসংগ অনুষ্ঠিত হ’ব ৷ দ্বিতীয় দিনা পুৱাৰ ভাগত প্ৰভাত ফেৰী, খোল প্ৰসংগ, পৰিৱেশ নিকাকৰণ, স্মৃতি তৰ্পন আৰু ধৰ্মধ্বজা উত্তোলনৰ পিছতে এটি ভাগৱত শোভাযাত্ৰা উলিওৱা হ’ব ৷

দুপৰীয়া নাম প্ৰসংগ আৰু প্ৰসাদ বিতৰণ, সন্ধিয়া বন্তি প্ৰজ্বলন, গায়ন-বায়নৰ দ্বাৰা গন্ধৰ্ব নৃত্য-গীত পৰিবেশন আৰু শিক্ষাগুৰুক সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত নিশা অঞ্চলৰ যুৱতী আৰু বোৱাৰীসকলৰ দ্বাৰা "কেলিগোপাল" নাট প্ৰদৰ্শন কৰা হ’ব ৷

ইফালে, অন্তিম দিনা পুৱা পৰিৱেশ নিকাকৰণ, বিয়লি ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে নিশা বিশিষ্ট নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ ৰছিত আৰু লীলা বৰাৰ পৰিচালনাৰে সামাজিক নাটক "বদনাম" মঞ্চস্থ কৰা হ’ব বুলি জাগীয়াল ৰাজহুৱা ভৱন আৰু কৃষ্টি বিকাশ কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰা আৰু সম্পাদক নৱজ্যোতি বৰাই জানিবলৈ দিছে ৷

assam bebejiya rass