/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/baropujiya.jpg)
ডিজিটেল সংবাদ , বেবেজীয়া : ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম ১৯৪২চনৰ ভাৰত ত্যাগ আন্দোলনত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো তীব্ৰ ভাবে গা কৰি উঠিছিল। অবিভক্ত নগাঁও জিলাৰ জুঙাল বলহু গড়ৰ সমীপত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ যাওতে বাৰপূজীয়া অঞ্চলৰ দুজন বীৰ মুক্তি যোদ্ধা ক্ৰমে, হেমৰাম পাতৰৰ আৰু গুণাভিৰাম বৰদলৈ বৃটিছ সৈন্যৰ নিৰ্বিছাৰ গুলীত প্ৰাণ হেৰুৱায় ।
দেশপ্ৰেমৰ নিদৰ্শনৰে আত্মবলিদান দিয়া উক্ত মহান বীৰ দুগৰাকীৰ মৃত্যুৰ দিৱসটি অঞ্চলৰ ৰাইজে তাহানিৰ পৰা প্ৰতি বছৰে অতি শ্ৰদ্ধাৰে পবিত্ৰ স্মৃতি দিৱস হিচাপে পালন কৰি আহিছে। ২৬আগষ্ট দিনা তেওঁলোকৰ স্মৃতি দিৱস হিচাপে স্থানীয় প্ৰশাসন আৰু অঞ্চলৰ ৰাইজে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰে।
পুৱা ৮ বজাত ছহীদ হেমৰাম পাতৰৰ আবক্ষ মূৰ্তিৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে। তাৰ পিছতে অঞ্চলৰ বহু কেইজন জেষ্ঠ্য নাগৰিকে স্মৃতি তৰ্পণ কৰা পিছত শ্বহীদ দুজনৰ ওপৰত বক্তব্য প্ৰদান কৰে।