সোণাইঘাট চলচলিত থকা 'প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ' পৰিদৰ্শন বিদেশী গৱেষকৰ...

চলচলিস্থিত প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰটো পৰিদৰ্শন কৰে জাপানীজ গৱেষক ৰিনা নাগাওকা নামৰ এগৰাকী গৱেষকে

author-image
Asomiya Pratidin
New Update
সোণাইঘাট চলচলিত থকা 'প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ' পৰিদৰ্শন বিদেশী গৱেষকৰ...

bebejiya

ডিজিটেল সংবাদ , বেবেজীয়া : শুকুৰবাৰে নগাঁও জিলাৰ সোণাইঘাট চলচলিস্থিত প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰটো পৰিদৰ্শন কৰে জাপানীজ গৱেষক ৰিনা নাগাওকা নামৰ এগৰাকী গৱেষকে।

Advertisment

তাৰ ওপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখীয়া ৰাইজক কম দামত ঔষধ যোগান ধৰাৰ বাবে লোৱা ব্যৱস্থাক ভূয়সী প্ৰশংসা কৰাৰ লগতে সোণাইঘাট চলচলিস্থিত প্ৰধানমন্ত্ৰী জন ঔষধী কেন্দ্ৰটোৰ স্বত্বাধিকাৰী মৌলানা হাফিজুৰ ৰহমানৰ লগত মত বিনিময় কৰি এখনি টোকা লিখি থৈ যায়।

উল্লেখ্য যে বিদেশী গৱেষক পৰ্যটক গৰাকীয়ে টোকাখনত লিখা অনুসৰি এই ফাৰ্মাছীত সকলো ধৰণৰ ঔষধ থকাৰ কথা উল্লেখ কৰি ফাৰ্মাছীখনে স্বাস্থ্য খণ্ডলৈ প্ৰভাৱ পেলাব বুলি কোৱাৰ ওপৰিও কৰ্তৃপক্ষক আতিথ্যত সন্তোষ প্ৰকাশ কৰি ধন্যবাদ জ্ঞাপন কৰে।

nagaon bebejiya assam