/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/WhatsApp-Image-2022-04-24-at-4.58.54-PM.jpeg)
ডিজিটেল সংবাদ,বেবেজীয়া: ইতিহাসে ঢ়ুকি পোৱাৰ দিনৰে পৰা উদযাপিত মধ্য অসমৰ মৰিগাঁও জিলাৰ ৰজাদিনীয়া উৎসৱৰ ভিতৰত প্ৰতি বছৰে ব'হাগ মাহৰ কোনো এটা নিদিষ্ট দিনত ঠায়ে ঠায়ে মুকলি পথাৰত পালন কৰা আড়ম্বৰ পূৰ্ণ অনুষ্ঠানটোৱেই হ'ল গোঁসাই উলিওৱা বা মেলা উৎসৱ ৷
মধ্য অসমৰ মৰিগাঁও – নগাঁও জিলাৰ ভিতৰত উদযাপিত হোৱা এই গোসাঁই উলিওৱা উৎসৱৰ ভিতৰত চৰাইবাহী গোসাঁই উলিওৱা উৎসৱ সাধাৰণতে তিৱা আৰু কাৰ্বি জনজাতিৰ পৃষ্ঠপোষকতাত অতীজত অনুষ্ঠিত হৈছিল যদিও পৰৱৰ্তী সময়ত আহোম আৰু কোচ ৰাজবংশৰ প্ৰভাৱত এই গোসাঁই উলিওৱা অনুষ্ঠানে অধিক প্ৰসাৰ লাভ কৰিলে ৷
চৰাইবাহীত কোচ আৰু তিৱা জনজাতিৰ লোক সকলেই ৰাজকীয় বিষয়বাব পাই এই গোসাঁই উলিওৱা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছিল যদিও বৰ্তমান সময়ত সকলো সম্প্ৰদায়ৰ লোকেই উক্ত উৎসৱত ভাগ লয় ৷ জাতি ধৰ্ম নিৰ্বিশেষে ঐক্য সম্প্ৰীতিৰে অনুষ্ঠিত হোৱা চৰাইবাহী গোসাঁই উলিওৱা উৎসৱৰ বিশেষত্ব হ'ল ঢ়াল বাৰু আৰু নৃত্য ৷
এই গোসাঁই উলিওৱা পৰ্বৰ বাবে আগদিনাই সাজু দায়িত্ব প্ৰাপ্ত লোক ৷ পৰম্পৰা অনুসৰি ৰাজকীয় বিষয় ববিয়া সকলে ৰজাৰ ঘৰলৈ গৈ দিহা পৰামৰ্শ লৈ আহেগৈ ৷ আনহাতে গোসাঁই উলিওৱাৰ আগদিনা বুঢ়া গোসাঁই অৰ্থাৎ সাতোলা ধুই পখালি অকুমাৰী ছোৱালীৰ হাতেৰে ৰজাঘৰীয়া নামঘৰ তথা নিজ চৰাইবাহী বুঢ়া গোসাঁই থানলৈ নি বেদী স্থাপন কৰি ধুপ ধূনা জ্বলাই নৈবদ্য শৰাই আগবঢ়াই কীৰ্তন কৰা হয় ৷
পিছত হৰিধ্বনি দি বুঢ়া গোসাঁই থানৰ সাতোলা নামঘৰৰ চৌপাশে সাত পাক ঘুৰাই মেলা স্থলিৰ অৰ্থাৎ মুকলি পথাৰৰ মাজলৈ লৈ যোৱা হয়৷ গোসাঁইৰ আগে আগে গায়ন বায়ন আৰু কোচ ৰজাৰ বাংঠাই আৰু ডা ডাঙৰীয়া সকল আৰু বৰঢ়োলীয়া সকলে বৰঢ়োল বজাই যায় আৰু বাৰুৱাতি সকলে ঢ়াল বাৰু লৈ বৰঢ়োলীয়াৰ সন্মুখত এক যুদ্ধ সদৃশ বিশেষ ভংগীমাৰে নৃত্য কৰি যায় নিদিষ্ট মুকলি পথাৰলৈ ৷ ই অতি আকৰ্ষণীয় ৷
এই অনুষ্ঠানত কাৰ্বি আৰু তিৱা সকলৰ বিভিন্ন কুলৰ লোকে ঢ়োল বজায় ৷ চৰাইবাহী গোসাঁই উলিওৱা উৎসৱত ৰংহাংপ বা ৰংহাং ঘৰীয়া শুকাই কুলৰ লোকেও বৰঢ়োল বজাই ৷ সাতোলাৰ তথা গোসাঁইৰ পিছত অঞ্চলৰ আয়তী বায়তী , নামতি সকলে কীৰ্তন পৰিৱেশ কৰি যায় ৷ আনহাতে আন এক পৰম্পৰা অনুসৰি উৎসৱৰ দিনা কোচ ৰজাক লৈ কৰা কিছু নীতিনিয়ম আজিও বিদ্যমান ৷ ৰজাক ৰাজকীয় সাজ পাৰ ক্ৰমে ধুতি , পাটৰ কামিজ পিন্ধোৱা হয় ৷ গাত মেৰিয়াই লয় বগা পাটৰ চেলেং আৰু ডিঙিত বিভিন্ন পৌৰাণিক অলংকাৰ পৰিধান কৰোৱা হয় ৷ এই বোৰ সাজ পৰিধান কৰি গোসাঁই উলিওৱা মুকলি পথাৰলৈ ৰজাক লৈ যোৱা হয় ৷
উল্লেখ্য যে অতীতৰে পৰা চলি অহা এই পৰম্পৰা আৰু ৰীতিনীতিৰে আজিও চৰাইবাহী অনুষ্ঠিত হয় ঐতিহাসিক গোসাঁই উলিওৱা উৎসৱ ৷ এই গোসাঁই উলিওৱা উৎসৱৰ লগত সংগতি ৰাখি আজি পুৱা বন্তি প্ৰজ্বালন , উষা কীৰ্তন , জল উত্তোলন , ধৰ্মধ্বজা উত্তোলন , গোসাঁই দৌল শুদ্ধিকৰণ আদি অনুষ্ঠান অনুষ্ঠিত হোৱা উপৰিও পুৱা ৮-৩০ বজাত ঢ়াল বাৰু নৃত্যৰে ৰজাক আদৰিবলৈ আগমন , নামঘৰে নামঘৰে খোল প্ৰসঙ্গ , নাম প্ৰসঙ্গ , আৰু দুপৰীয়া ১ বজাত বুঢ়া গোসাঁইৰ মুল দ্বাৰ উন্মোচন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ ১-৩০ বজাত গোসাঁইক লৈ মেলাস্থলিলৈ আগমন , ২ বজাত বুঢ়া গোসাঁইৰ কলাক্ষেত্ৰ উদ্বোধন , আৰু ৰাজদবাৰ মুকলি ৷ ২-৩০ বজাত ৰজাৰ সন্মুখত ঢ়াল বাৰু নৃত্য প্ৰদৰ্শন , আৰু বিয়লি ৫ বজাত মুকলি পথাৰৰ দৌললৈ গোসাঁইৰ আগমন , আৰু ৬ বজাত লক্ষ্মী কৃষ্ণৰ বিবাদ অনুষ্ঠানটিৰে সামৰণি পৰে গোসাঁই উলিওৱা উৎসৱ ৷
আৰু পঢ়ক: মানকাচৰত ৰাষ্ট্রীয় পঞ্চায়ত দিৱস উপলক্ষে বিশেষ গাঁও সভা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us