নিলম্বিত হৈ থকা দুৰ্নীতিগ্ৰস্ত বিষয়াক পুনৰ ৰঙা দলিছা

দুৰ্নীতিগ্ৰস্ত বিষয়াক চৰকাৰে ৰঙা দলিচা পাৰি সুবিধা জনক স্থানত সংস্থাপন কৰাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা থানৰ শলগুৰি সত্ৰত ৬ এপ্ৰিলত পালনামৰ সামৰণী...

agrani khabar

ডিজিটেল সংবাদ , বেবেজীয়া,: দুৰ্নীতিগ্ৰস্ত বিষয়াক চৰকাৰে ৰঙা দলিচা পাৰি সুবিধা জনক স্থানত সংস্থাপন কৰাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। জানিব পৰা মতে দুৰ্নীতিৰ অভিযোগত নিলম্বিত হৈ থকা এজন মীন সম্প্ৰসাৰন বিষয়াক নগাওঁ জিলাৰ জুৰীয়া উন্নয়ন খণ্ডত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া হিচাপে পুনৰ মকৰল কৰিছে।

উল্লেখ্য যে মইনুদ্দিন আহমেদ নামৰ মীন সম্প্ৰসাৰণ বিষয়া গৰাকীয়ে হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডলৈ খণ্ড উন্নয়ন বিষয়া হিচাপে পদোন্নতি লাভ কৰি কিছু দিন কাৰ্যনিবাহ কৰিছিল। উন্নয়ন খণ্ডটোত কাৰ্যনিৰ্বাহ কৰি থকা সময়ত বিভিন্ন আঁচনি ৰূপায়ণৰ নামত খণ্ড উন্নয়ন বিষয়া মইনুদ্দিন আহমেদৰ নেতৃত্বত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈছিল।

উন্নয়ন খণ্ড বিষয়া গৰাকীয়ে কনিষ্ঠ অভিযন্তাৰে মিলি কেইবা কোটি টকাৰ লুণ্ঠন চলোৱাৰ‌ অভিযোগ উঠিছিল।ইয়াৰ পিছতেই বিষয়া গৰাকী উন্নয়ন খণ্ডটোৰ পৰা ধুবুৰীলৈ বদলি হৈ যায়। বিষয়া গৰাকীৰ বিৰুদ্ধে উঠা দুৰ্নীতি আৰু অনিয়মৰ অভিযোগৰ তদন্ত কৰি চৰকাৰে বিষয়া গৰাকীক নিলম্বিত কৰিছিল। শেহতীয়া ভাবে অসম চৰকাৰৰ এক নিৰ্দেশনা অনুসৰি মীন সম্প্ৰসাৰণ বিষয়াই জিলা পৰিষদৰ ভাৰপ্ৰাপ্ত উপ মুখ্য কাৰ্য্যবাহী বিষয়া অথবা গ্ৰামোন্নয়ন বিভাগৰ ভাৰপ্ৰাপ্ত প্ৰকল্প বিষয়া হিচাপে নিযুক্তি লাভ কৰিব পাৰে।

তাৰ পিছতো নিলম্বিত হৈ থকা খণ্ড উন্নয়ন বিষয়া (মীন সম্প্ৰসাৰণ বিষয়া) মইনুদ্দিন আহমেদৰ নিলম্বন প্ৰত্যাহাৰ কৰি জুৰীয়া উন্নয়ন খণ্ডত ভাৰপ্ৰাপ্ত উন্নয়ন খণ্ড হিচাপে পুনৰ মকৰল কৰা কাৰ্য্যই ৰহস্যৰ সৃষ্টি কৰিছে। গ্ৰামোন্নয়ন বিভাগৰ এক সূত্ৰই জনোৱা মতে বিভাগটোৰ দাস উপাধিৰ এগৰাকী শীৰ্ষ বিষয়াই গোপন বুজাবুজি ৰে মইনুদ্দিনে জুৰীয়াত লুণ্ঠন ৰাজ চলাবলৈ সুবিধা প্ৰদান কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰা বৰ্তমানৰ চৰকাৰে নিলম্বিত হৈ থকা এগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াক ৰঙা দলিছা পাৰি দিয়ি বিষয়টোৱে চৰকাৰৰ প্ৰকৃত দৃষ্টি ভঙ্গী প্ৰকাশ কৰিছে।উল্লেখ যে জূৰীয়া উন্নয়ন খণ্ডত এগৰাকী এ চি এচ বিষয়া ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিযয়া হিচাপে কৰ্মৰত হৈ আছে।

assam Bebejia