ঐতিহ্যৰ ধ্বজা উৰুৱাই বেবেজীয়াত ৰাস মহোৎসৱৰ আৰম্ভ

ধৰ্মীয় পৰম্পৰা আৰু ঐতিহ্য ধ্বজা উৰুৱাই সোমবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ।
ঐতিহ্যৰ ধ্বজা উৰুৱাই বেবেজীয়াত ৰাস মহোৎসৱৰ আৰম্ভ

ডিজিটেল সংবাদ, বেবেজীয়া: ধৰ্মীয় পৰম্পৰা আৰু ঐতিহ্য ধ্বজা উৰুৱাই সোমবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। শৰৎ কালৰ বিতুপন ৰাতি যমুনাৰ বালিত নৃত্য গীতেৰে শ্ৰীকৃষ্ণই গোপীসহিতে সম্পন্ন কৰিছিলে ৰাস ক্ৰীড়া।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৬খন অংকীয়া নাটেৰে অন্যতম সৃষ্টি কেলিগোপাল নাটত সুন্দৰ আৰু কলা সন্মত ভাৱে সামৰা হৈছে ৰাস ক্ৰীড়া। উল্লেখ্য যে,নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বেবেজীয়া জুৰীয়া নামঘৰত উখল মাখল পৰিৱেশত ৪৯তম শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ অনুষ্ঠিত হয়। পুৱা পৰিবেশ নিকা কৰণ, উষাকীৰ্তন, বন্তি প্ৰজ্বলনৰ পিছত ৭ বজাত ধৰ্মধ্বজা উত্তোলন কৰে ৰাস উৎসৱ উৎযাপন সমিতিৰ সভাপতি জিতু বৰাই। তাৰ পিছতেই সমগ্ৰ বেবেজীয়া গাঁৱকে ধৰি বৃহত্তৰ অঞ্চলত নাট ভ্ৰমণ কাৰ্যসূচী সম্পন্ন হয়।

গায়ন-বায়ন, দিহানাম, আইসকলৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি আৰু হৰি নামৰ ধ্বনিয়ে সমগ্ৰ অঞ্চলটো মুখৰিত কৰি তুলে। দুপৰীয়া নাম প্ৰসংগৰ পিছত সন্ধিয়া বেবেজীয়া গাঁৱৰ যুৱক বৃন্দৰ সহযোগত গায়ন-বায়ন,জোৰা পৰিবেশনৰ পিছতে সন্ধিয়া ৮ বজাৰ পৰা মহিলা আৰু যুৱতীৰ দ্বাৰা কেলিগোপাল নাট অনুষ্ঠিত হয়।

অন্যহাতে,বেবেজীয়াৰ সমীপৰ শ্ৰীশ্ৰী কুৰুৱাবাহী সত্ৰত আজি পুৱা ৮ বজাত পতাকা উত্তোলন শ্বহীদ তৰ্পনৰ পাছত আৰম্ভ হয় বাৰেৰহণীয়া সাংস্কৃতিক শুভাযাত্ৰা ৷ দুপৰীয়া নাম কীৰ্তন,সন্ধিয়া পুৰ্ব্বৰংগৰ পাছত নিশা ৯ বজাৰ পৰা কেলিগোপাল নাট প্ৰদৰ্শন হয় ইতিমধ্যে শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ ৰ আজিৰ পৰা বৃহত্তৰ অঞ্চল টোত কৃষ্ণ বন্দনাৰে ভক্তি ৰসত বুৰ যায়।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in