/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/1b3dccb7-1e86-4335-8915-fe8a832fa445/aef.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ জীৱনৰ সুদীৰ্ঘ দিন গছপুলি ৰোপনেৰে প্ৰকৃতিপ্ৰেমৰ নিৰ্দশন দাঙি ধৰা নগাঁও জিলাৰ বেবেজীয়া নিকটৱৰ্তী তুলসীমুখ নিবাসী পুনিৰাম শইকীয়াই দেওবাৰে এটা দুষ্প্ৰাপ্য কাছ এৰি দিয়ে। জানিব পৰা মতে ঐতিহাসিক তুলসীমুখ বুঢ়াগোঁসাই থানৰ বৰপুখুৰীটোত প্ৰকৃতিপ্ৰেমী শইকীয়াই দুই নাতি ক্ৰমে চায়ন হাজৰিকা আৰু দস্মিতা শইকীয়াক লগত লৈ এটা কাছ এৰি দিয়ে।
শইকীয়াৰ সৰুপুত্ৰ ৰামকৃষ্ণ শইকীয়াই পথৰ দাঁতিত জলাশয়ৰ পৰা উঠি অহা বৰকাছ এটা দেখা পাই অতি যতনেৰে উদ্ধাৰ কৰি আনি ঐতিহাসিক পুখুৰীটোত এৰি দিয়ে। উল্লেখ্য যে এই ঐতিহাসিক বৰপুখুৰীটোত এসময়ত ডাঙৰ ডাঙৰ কাছ ভৰি আছিল যদিও বৰ্তমান সেয়া দুষ্প্ৰাপ্য। অশীতিপৰ ব্যক্তি গৰাকীয়ে নতুন প্ৰজন্মক কাষত লৈ বৰকাছটো প্ৰকৃতিৰ বুকুত সযতনে এৰি দিয়া কথাটোৱে উত্তৰপুৰুষক দুষ্প্ৰাপ্য প্ৰাণীৰ প্ৰতি সহৃদয়তাৰ ভাৱ জগাই তুলিব বুলি স্থানীয় একাংশ প্ৰকৃতিপ্ৰেমীয়ে মতামত আগবঢ়ায়।