/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/3c92f907-ef3c-4d2b-872b-0c0fd4266d60/5.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়া ব্যৱসায় কেন্দ্ৰত দেওবাৰে এক অত্যাধুনিক বেটাৰী তৈয়াৰ আৰু মেৰামতিৰ উদ্যোগ শুভাৰম্ভ হয় ৷ অঞ্চলটোৰ নিবনুৱা যুৱক মিন্টু ৰাজবংশীয়ে সুদুৰ পুনেৰ পৰা ক্ৰয় কৰি আনি টুপিয়া ব্যৱসায় কেন্দ্ৰত স্থাপন কৰা অত্যাধুনিক মেচিনটোৰ জৰিয়তে গ্ৰাহক ৰাইজে এতিয়াৰে পৰা তেজপুৰ বিশ্বনাথ চাৰিআলি আদি দূৰ-দূৰণিৰ বেটাৰী দোকান সমূহলৈ যোৱাৰ পৰা ৰেহাই পাব বুলি জনাইছে স্বত্বাধিকাৰী যুৱ ব্যৱসায়ী মিন্টু ৰাজবংশীয়ে ৷
দুজনকৈ নিৱনুৱা যুৱকক সহকাৰী হিচাবে কৰ্ম সংস্হাপন দি আজি স্থাপন কৰা এই বেটাৰী উদ্যোগটোত ই ৰিক্সাৰ পুৰণা বেটাৰী, ইনভাৰটাৰৰ বেটাৰী আৰু গাড়ীৰ বেটাৰী সমূহো পৰীক্ষা কৰিব পৰা যাব আৰু প্ৰয়োজন অনুসৰি নতুনকৈ তৈয়াৰ কৰি দিব পৰা যাব বুলি জনাইছে স্বত্বাধিকাৰী গৰাকীয়ে ৷
Also Read: ল'ৰাসকলে পত্নী আৰু মাক-দেউতাকৰ শুনিব লাগে, তেতিয়াহে সফল হ'বঃ মুখ্যমন্ত্ৰী