আজি পবিত্র ভাদ মাহৰ সংক্ৰান্তিঃ বটদ্ৰৱা থানত ভাদ মাহৰ নাম ৰখা পৰ্ব আৰম্ভ…

আজি পবিত্র ভাদ মাহৰ সংক্ৰান্তিঃ বটদ্ৰৱা থানত ভাদ মাহৰ নাম ৰখা পৰ্ব আৰম্ভ…

author-image
asomiyapratidin
New Update
আজি পবিত্র ভাদ মাহৰ সংক্ৰান্তিঃ বটদ্ৰৱা থানত ভাদ মাহৰ নাম ৰখা পৰ্ব আৰম্ভ…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ অসমীয়া জাতীয় জীৱনত সংস্কৃতিৰ অনুশীলনৰ মাহ হিছাপে পৰিগনিত হোৱা ভাদ মাহত অসমৰ বৈষ্ণৱ ধৰ্মাৱলম্বী ৰাইজৰ মাজত এক আনন্দময় ভক্তিৰসৰ সঞ্চাৰ ঘটে। গুৰুজনাৰ জন্মধাম বটদ্রৱাটো আজি শাওন ভাদৰ সংক্ৰান্তি উপলক্ষে এক উখল-মাখল ধৰ্মীয় সাংস্কৃতিক পৰিৱেশৰ সূচনা হৈছে।

বটদ্রৱাৰ ঐতিহ্যময় দুই সত্রৰ ভকত বৈষ্ণৱ আৰু আইমাতৃসকলে ভাদ মাহৰ পৰম্পৰাগত ঐতিহ্যক জীপাল কৰি তুলিবৰ বাবে আজিৰে পৰা প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। পবিত্র ভাদমাহত প্ৰতিদিনে বটদ্ৰৱা থানলৈ আগমন ঘটিব দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ ।

তীৰ্থযাত্ৰীক আদৰিবলৈ ব্যস্ত হৈছে পৰিচালনা সমিতিৰ সেৱক সকল। জগত গুৰুজনাৰ পবিত্র জন্মস্থান বটদ্রৱা থানত পবিত্র ভাদ মাহৰ পৰম্পৰাগত ঐতিহ্যক সৰোগত কৰি অনুষ্ঠিত হ'বলগিয়া ওঠৰ প্রসঙ্গৰ প্ৰথমটো কাৰ্য্যসূচী পুৱতি নিশা তালকোবোৱাৰে আৰম্ভ হৈ নিশা শেষপাল প্ৰসঙ্গৰে সামৰণি পৰিব।

আজি পুৱা বটদ্ৰৱা থানৰ কীৰ্তন ঘৰত পৰিচালনা সমিতিৰ কেইগৰাকীমান সদস্যৰ উপস্থিতিত দুই সত্ৰৰ গায়ন বায়ন, নামলগোৱা আৰু ভকত বৈষ্ণৱক উদ্দেশ্যি ভাদমাহৰ পৰম্পৰাগত ওঠৰ প্ৰসঙ্গৰ কাৰ্য্যসূচী শৃঙ্খলা বদ্ধভাৱে চলাই নিয়াৰ বাবে তামোল পান আগবঢ়ায় এভাগি ঘোষা গায় জননী দিয়াৰ পিছৰে পৰা শাওনৰ সংক্ৰান্তিৰ পৰা ভাদৰ সংক্ৰান্তিলৈ এমাহজুৰি নামৰখা কাৰ্য্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ ঘটে।

batradava than nagaon assam