শান্তি আৰু একতাৰ বাবে আৰম্ভ হোৱা বাথৌ আৰু খেৰাই পূজাৰ আজি অন্তিম দিন

শান্তি আৰু একতাৰ বাবে কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত গ্ৰীণফিল্ডত আৰম্ভ হোৱা বাথৌ প্ৰাৰ্থনা আৰু খেৰাই পূজাৰ দেওবাৰে অন্তিম দিন ৷

author-image
Asomiya Pratidin
New Update
শান্তি আৰু একতাৰ বাবে আৰম্ভ হোৱা বাথৌ  আৰু খেৰাই পূজাৰ আজি অন্তিম দিন

ডিজিটেল সংবাদ, কোকৰাঝাৰ : শান্তি আৰু একতাৰ বাবে কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত গ্ৰীণফিল্ডত আৰম্ভ হোৱা বাথৌ প্ৰাৰ্থনা আৰু খেৰাই পূজাৰ দেওবাৰে অন্তিম দিন ৷ শুকুবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বাথৌ প্ৰাৰ্থনা আৰু খেৰাই পূজাৰ আজিৰ অন্তিম দিনৰ কাৰ্যসূচী সমূহীয়া প্ৰাৰ্থনাৰে আৰম্ভ হয়।

Advertisment

বস্তুবাদী , ভোগবাদী সমাজৰ হুলস্থুলৰ বিপৰীতে কোকৰাঝাৰত আৰম্ভ হোৱা বাথৌ প্ৰাৰ্থনা আৰু খেৰাই পূজা উপলক্ষে আফা বৌৰায় বাথৌৰ বেদীৰ ওচৰত সামূহিকভাৱে খাম, ছিফুং ,ছেৰজাৰ সমুধুৰ মূৰ্চনাই কোকৰাঝাৰ চহৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে৷

ইপিনে বাথৌ প্ৰাৰ্থনা আৰু খেৰাই পূজাৰ আজিৰ অন্তিম দিনৰ কাৰ্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বস্তুবাদী জগতত আধ্যাত্মিকতাৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে । সৃষ্টিকৰ্তা থকাটো ধ্ৰুৱসত্য আৰু সেয়া সকলোৱে মানি চলি আহিছে । ঈশ্বৰে সদায় ভালৰ বাবে আশীৰ্বাদ দিয়ে আৰু সেয়েহে ৰাজনৈতিক দল আৰু সদস্যৰ বাবে ঈশ্বৰ প্ৰাৰ্থনা অধিক জৰুৰী বুলি মন্তব্য কৰি সমাজত শান্তি প্ৰতিষ্ঠাৰ বাবে ধৰ্মৰ প্ৰয়োজন বুলিও মন্তব্য কৰিছে ।

আনহাতে বাথৌ প্ৰাৰ্থনা আৰু খেৰাই পূজাৰ অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই চৌদিশে উন্নয়ন হৈছে যদিও মানুহৰ মাজত মানসিক শান্তি নাইকীয়া হৈছে বুলি মন্তব্য কৰে। সামাজিক দায়বদ্ধতাৰ ফলতে ধৰ্মৰ জন্ম হয় আৰু বাথৌ ধৰ্ম বড়োসকলৰ আদি ধৰ্ম বুলি মন্তব্য কৰি ধৰ্মৰ মাজেৰে শান্তি প্ৰতিষ্ঠা কৰিব পাৰি বুলি মন্তব্য কৰিছে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।

উল্লেখ্য যে আজিৰ অন্তিম দিনৰ কাৰ্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বড়ো-কছাৰী কল্যাণ স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যৱাহী মিহিনেশ্বৰ বসুমতাৰী, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বাথৌ ধৰ্মাৱলম্বীৰ শতাধিক পুৰোহিত, সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকি ধৰ্মীয় ৰীতি-নীতি আৰু নিয়মেৰে বিশ্ব শান্তি, মানৱ শান্তি আৰু ঐক্যৰ বাবে প্ৰাৰ্থনা আগবঢ়ায় ৷

Also Read: মাষ্টৰ চেফ ইণ্ডিয়াত জিলিকি উঠিছে তিনিচুকীয়াৰ যুৱক নয়নজ্যোতি শ‌ইকীয়া

kokrajhar