চিৰাঙৰ বিভিন্ন ঠাইত দিনজোৰা কাৰ্য্যসূচীৰে বাথৌ পূজা...

চিৰাঙৰ বিভিন্ন ঠাইত দিনজোৰা কাৰ্য্যসূচীৰে বাথৌ পূজা...

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ বিভিন্ন ঠাইত দিনজোৰা কাৰ্য্যসূচীৰে বাথৌ পূজা...

চিৰাঙৰ বিভিন্ন ঠাইত দিনজোৰা কাৰ্য্যসূচীৰে বাথৌ পূজা...

ডিজিটেল সংবাদ চিৰাং: প্ৰতিবছৰে মাঘ মাহৰ দ্বিতীয় মঙ্গলবাৰে বড়ো জনগোষ্ঠীয় লোকসকলে পবিত্ৰ বাথৌ পূজা অনুষ্ঠিত কৰে । বড়ো জনগোষ্ঠীৰ পুৰুষ মহিলা সকলোৱে তেওঁলোকৰ পৰম্পৰাগত জাতীয় সাজপাৰ পিন্ধি বাথৌ থানশালীত উপস্থিত হৈ ধৰ্মীয় ৰীতি নীতিৰে পূজাভাগত অংশ গ্ৰহণ কৰে ।

Advertisment

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চিৰাং জিলাতো আজি বড়ো জনগোষ্ঠীয় লোকসকলে বাথৌ থানসমূহত তেওঁলোকৰ পৰম্পৰাগত ৰীতি-নীতিৰে বাথৌ পূজা অনুষ্ঠিত কৰে। চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ আমটেকা আমলাইগুৰীস্থিত ৫০ বছৰ পুৰণি বাথৌ থানশালীত দুদিনীয়া কাৰ্য্যসূচীৰে বাথৌ পূজা অনুষ্ঠিত কৰে ।

মঙ্গলবাৰৰ দিনটোত পুৰোহিত মঙ্গল সিং বসুমতাৰীৰ নেতৃত্বত মাইনাও গাৰ্জা পূজা কৰে । আজি তিনিখন গাঁৱৰ দুই সহস্ৰাধিক বড়ো জনগোষ্ঠীয় পুৰুষ মহিলাইসমূহীয়া বাথৌ আৰজ' প্ৰাৰ্থনা কৰি বাথৌ থানশালীত পূজা অৰ্চনা কৰে ।

তাৰ পিছত দুপৰীয়া পুৰোহিত মঙ্গল সিং হাজোৱাৰীৰ পৌৰহিত্যত এখন ধৰ্মীয় সভা অনুষ্ঠিত হয় । সভাত বাথৌ পূজাৰ সৈতে লগত সংগতি ৰাখি বিভিন্ন নৃত্য-গীত পৰিবেশন কৰা হয় ।

ইপিনে চিৰাঙৰ ডাংতল গাঁৱতো পৰম্পৰাগত বাথৌ পূজা অনুষ্ঠিত হয় । উক্ত বাথৌ পূজাস্থলীত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে পূজাত অংশগ্ৰহণ কৰে ।

চিৰাঙৰ ৰুণীখাতাৰ সমীপৰ আশ্ৰাবাৰী বাথৌ আশ্ৰমত কেইবা সহস্ৰাধিক বড়ো জনগোষ্ঠীয় ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত দিনজোৰা কাৰ্য্যসূচীৰে বাথৌ পূজা অনুষ্ঠিত হয় ।

ক্লিক কৰি পঢ়কঃ ৬৮ বছৰীয়া হ'ল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ঃ G-20 ৰ অধীনত ১ ফেব্ৰুৱাৰীলৈ Y-20ৰ বিভিন্ন অনুষ্ঠান

ৰণগৌৰা নাৰ্জাৰী বাথৌ পূজা