Advertisment

কণকণ শিশুৰ কলৰবত মুখৰিত বটদ্ৰৱাৰ ৰাইডঙীয়া...

কণকণ শিশুৰ কলৰবত মুখৰিত বটদ্ৰৱাৰ ৰাইডঙীয়া...

author-image
Asomiya Pratidin
New Update
কণকণ শিশুৰ কলৰবত মুখৰিত বটদ্ৰৱাৰ ৰাইডঙীয়া...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কণকণ শিশুৰ কলৰবত মুখৰ ৰাইডঙীয়া। গীত মাত, অভিনয়, প্ৰজ্ঞা সাধনাত ব্ৰতী কণকণ শিশু। "বিকাশ"ৰ উদ্যোগত অনুষ্ঠিত শিশু সমাৰোহ। কণকণ শিশুৰ কলৰবত মুখৰিত হৈ পৰিল বটদ্ৰৱাৰ ৰাইডঙীয়া।

Advertisment

গীত মাত, অভিনয়, প্ৰজ্ঞা সাধনৰ মাজেৰে কণকণ শিশু সকল উজলি উঠিল। কোনোৱে যদি গীত গাইছে, কোনোৱাই অভিনয় কৰিছে আৰু কোনোৱে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, কোনোৱে বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে অসমৰ গ্ৰাম্য জীৱন, পিতৃ মাতৃৰ কৰ্তব্য, পুথি অধ্যয়ন, নিয়মানুৱৰ্তিতা, শিশুৰ চৰিত্ৰ গঠন, স্বাস্থ্যৰ যত্ন, প্ৰকৃতি ৰক্ষাৰ বিষয়ৰ বক্তৃতা প্ৰদান কৰিলে কণমানি সকলে। শিশুৰ বাবে উৎসৰ্গিত অনুষ্ঠান "বিকাশ"ৰ উদ্যোগত শিশু সকলৰ সুপ্ত প্ৰতিভা বিকাশৰ উদেশ্যে অনুষ্ঠিত কৰা হৈছে শিশু সমাৰোহ।

ৰাইডঙীয়া পাঁচআলিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত কুইজ, ভেশছন প্ৰতিযোগিতাৰ পাছত অঞ্চলৰ কণমানি অকনি সকলৰ এখনি মুকলি সভা অনুষ্ঠিত হয়। কণমানি ভৱ্যা দৰ্শিনী শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত অকণিৰ সভাত নিৰ্দিষ্ট বক্তা হিচাবে কণমানি উপমন্যু বৰুৱা, শৰ্মিষ্ঠা শইকীয়া, দ্বীপ শিখা হিলৈদাৰী, অৰিন্দম শইকীয়া, সম্প্ৰীতি বৰা, নৈৠত বৰা, যুগস্মৃতা কলিতা, দীক্ষা বৰা, লক্ষ্যধৰ কলিতাৰ মনোৰম ভাষনত উপস্থিত ৰাইজ মন্ত্ৰমুগ্ধ হৈ পৰে। শিশু শিল্পী দিক্ষিত বৰদলৈয়ে আঁত ধৰা অকণিৰ সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থকে নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ শৰৎ বৰকটকী। শেষত শলাগৰ শৰাই আগবঢ়ায় লাচিত বৰদলৈয়ে।

ক্লিক কৰি পঢ়ক এই বাতৰিঃ-

Also Read: কংগ্ৰেছ- AIUDFৰ প্ৰতাৰণাৰ বাবে সংখ্যালঘু লোকসকল জাগিছে...

বটদ্ৰৱা