/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/bd.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা:সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ উদ্যোগত অধিবক্তা , সাংবাদিক, মানৱ অধিকাৰ কৰ্মী, "কা" বিৰোধী আন্দোলনৰ নেত্রী তিস্তা শীতলৱাড় আৰু ছাত্ৰী বর্ষাশ্রী বুঢ়াগোহাঁইক মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী।
প্ৰখ্যাত সমাজকৰ্মী মেধা পাটেকৰৰ ওপৰত জাপি দিয়া ভুৱা গোচৰো ততালিকে প্ৰত্যাহাৰ কৰাৰ দাবী জনাই বৃহস্পতিবাৰে সন্থাৰ দলংঘাট ব্লক সমিতিয়ে বটদ্ৰৱা সমষ্টিৰ কঁহুৱাআটিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰি সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ দলংঘাট ব্লক সমিতিৰ সভানেত্ৰী জোনামণি বৰদলৈ আৰু সম্পাদিকা আয়েফা বেগমে "বিজেপিৰ শাসন কালত বিৰুদ্ধ মত, গণতান্ত্ৰিক অধিকাৰ, বাকস্বাধীনতা আদি কন্ঠৰুদ্ধ কৰাৰ যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছে তাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
বিশেষকৈ মহিলা নেত্ৰী, ছাত্রী, মহিলা সমাজকর্মী, সাংবাদিক, ৰাজনৈতিক কৰ্মী সহিতে কোনেও আজি মোদী -হিমন্ত চৰকাৰৰ দিনত সুৰক্ষিত নহয়। গৌৰী লংকেশৰ পৰা আৰম্ভ কৰি দেবাঙ্গনা, তিস্তা শীতলৱাড়, বর্ষাশ্রী, মেধা পাটেকৰৰ, গৌতম নৱালকা, শোভা সেন, উমৰ খালিদ আজি তাৰেই জ্বলন্ত উদাহৰণ বুলি মন্তব্য প্ৰদান কৰে।
প্ৰতিবাদকাৰী সকলে তিস্তা শীতলৱাড়, বৰ্ষাশ্ৰীক অতি শীঘ্ৰে বিনাচর্তে মুক্তি দিয়ক, মেধা পাটেকৰৰ ওপৰত জাপি দিয়া ভুৱা গোচৰ ততালিকে প্ৰত্যাহাৰ কৰক, মহিলা নেত্ৰীক গেপ্তাৰ কৰি মহিলাৰ প্ৰতিবাদী কন্ঠ বন্ধ কৰিব নোৱাৰে নোৱাৰিব, মহিলা নেত্ৰীক জেলত ভৰাই মহিলাৰ সবলীকৰণ কৰিছে নেকি বিজেপি চৰকাৰে জবাব দিয়ক আদি শ্ল'গানেৰে প্ৰতিবাদী মহিলা সকলে পৰিৱেশ উত্তাল কৰি তোলে। কাৰ্যসূচীত সন্থাৰ দলংঘাট ব্লক সমিতিৰ সভানেত্ৰী জোনামণী বৰদলৈ আৰু উপ সভানেত্ৰী উমা পাতৰ, সম্পাদিকা আয়েফা বেগমকে আদি কৰি কেইবাগৰাকী সদস্যাই অংশ গ্ৰহণ কৰে।