বটদ্ৰৱাৰ জাজৰিৰ ঢলপুৰীয়াত জী-জোঁৱাই সন্মিলন...

বটদ্ৰৱাৰ জাজৰিৰ ঢলপুৰীয়াত উছাহৰ ঢল। নাতি-নাতিনী, জী-জোঁৱাইৰ উপস্থিতিত উদুলি মুদুলি পৰিবেশ। ব্যতিক্ৰমী জী-জোঁৱাই সন্মিলন।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ জাজৰিৰ ঢলপুৰীয়াত জী-জোঁৱাই সন্মিলন...

ডিজিটেল সংবাদ, বটদ্ৰৱা : সমন্ধবোৰ নিভাঁজ মৰমৰ আকুলতাৰ আৰু স্নেহৰ বান্ধোন। যান্ত্ৰিকতাৰ কোলাহলতেই হওঁক বা পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ বাবে হওঁক আমাৰ সম্পৰ্ক বোৰত লাহে লাহে পৰিবৰ্তন হবলৈ ধৰিছে।

Advertisment

তাহানিৰ দিনৰ পৰা ঘৰৰ বা সম্পৰ্কীয় সমন্ধীবোৰ যেনে-মোমাইদেউ-মামীদেউ, মাহীদেউ-মহাদেউ, বৰদেউতা, দদাইদেউ, পেহীদেউ, তাৱৈদেউ-আমৈ, জেঠাই-জেঠু আদি অসমীয়া সমন্ধবোৰ দৰে মৰমৰ সমন্ধ হৈছে জী-জোঁৱাই সমন্ধ। লাহে-লাহে নৱ প্ৰজন্মই বুজি নোপোৱা এই সমন্ধবোৰ পুনৰ উজ্জীৱিত কৰি তোলাৰ প্ৰয়াসেৰে বটদ্ৰৱাৰ জাজৰিত এক ব্যতিক্ৰমী অনুষ্ঠান জী-জোঁৱাই সন্মিলন।

জাজৰি ঢলপুৰীয়া যুৱক সংঘ, অনন্ত পুথিভঁড়াল আৰু সামূহিক কেন্দ্ৰৰ উদ্যোগত দেওবাৰে অঞ্চলটোৰ জী-জোঁৱাই সকল সমবেত হয়। ইফালে জোৱাই সকলক গামোছাৰে আদৰণি জনোৱাৰ লগতে মৰমৰ চুমা যাচে গাঁৱৰ ৰাইজে। যাৰ পৰিপেক্ষিতত নাতি-নাতিনী, জী-জোঁৱাইৰ উপস্থিতিত উদুলি মুদুলি পৰিবেশ সৃষ্টি হয় বটদ্ৰৱাৰ জাজৰিৰ ঢলপুৰীয়াত।

Also Read: হিমন্ত বিশ্বক অসমৰ সংস্কৃতি শিকিবলৈ আহ্বান কেজৰিৱালৰ, ক'লে...

Batadrawa